ডিজিটেল ডেস্ক : বৈভৱ সূর্যবংশী আৰু ধ্ৰুৱ জুৰেলৰ বেটিং বিস্ফোৰণৰ সহায়ত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক আই পি এলৰ কালিৰ খেলত ৰাজস্থান ৰয়েলছে ৬ উইকেটত পৰাজিত কৰে। আৰ চি বিৰ ৮ উইকেটত ২০১ ৰানৰ প্ৰত্যুত্তৰত ৰাজস্থানে ১৮ অ'ভাৰত ৪টা উইকেট হেৰুৱাই ২০২ ৰান কৰি বৰ্ষাপাৰাত জয়ৰ হেটত্রিক অর্জন কৰে। বৈভৱ (২৬টা বলত ৭৮ ৰান) আৰু জুৰেলে (৪৩টা ক জুৰেলে (৪৩টা বলত অপঃ ৮১ ৰান) দ্বিতীয় উইকেটত ৩৭টা বলত ১০৮ ৰানৰ যুটি বান্ধি ৰাজস্থানৰ জয়ৰ ভেটি গড়ে। আই পি এলত তেনেদৰেই অধিনায়ক ৰিয়ান পৰাগৰ নেতৃত্বৰ চমকো অব্যাহত আছে।
ইয়াৰ আগেয়ে অধিনায়ক ৰজত পাটিদাৰৰ যুঁজাৰু অর্ধ-শতৰানৰ সহায়ত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ৮ উইকেটত ২০১ ৰান কৰিছিল। বৰষুণৰ বাবে পলমকৈ হোৱা খেলখনত এটা মূৰে নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱালেও পাটিদাৰৰ ৪০টা বলত ৪টা ছয় আৰু সমসংখ্যক চাৰিৰ সমাহাৰ ঘটা ৬৩ ৰানেৰে বেংগালুৰুৱে প্রত্যাহ্বানমূলক স্ক'ৰ থিয় কৰাবলৈ সক্ষম হয়।
বেংগালুৰুৱে এটা সময়ত ৯৪ ৰানত হেৰুৱাইছিল ছটা উইকেট। সেই বিপর্যয়ৰ মাজতে পাটিদাৰে অধিনায়কোচিত বেটিঙেৰে দলক উদ্ধাৰ কৰে। বিৰাট কোহলীয়ে ৩২, ভেংকটেশ আয়াৰে অপৰাজিত ২৯ আৰু ৰোমাৰিঅ' শ্বেফার্ডে ২২ ৰানৰ উপযোগী ইনিংছ খেলে।