ডিজিটেল ডেস্ক : ৫৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱৰ ভাৰতীয় পেনোৰামাৰ নন-ফিচাৰ শাখালৈ নির্বাচিত হৈছে অসমৰ চলচ্চিত্ৰ নিৰ্মাতা ৰাজদ্বীপ চৌধুৰীৰ দ্বাৰা পৰিচালিত তথ্যচিত্র 'চলো ইণ্ডিয়া উইথ এৰিক জি' (বাৰাণসী)।
শেহতীয়াকৈ লণ্ডনৰ ব্ৰিটিছ ফিল্ম ইনষ্টিটিউটত (বি এফ আই) তথ্যচিত্ৰখনৰ এক বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। লণ্ডনস্থিত ভাৰতীয় উচ্চাযুক্ত আৰু ইউ কে এ এফ এফৰ যুটীয়া প্ৰচেষ্টাত সম্পন্ন হোৱা এই অনুষ্ঠানে তথ্যচিত্রখনক এক আন্তঃৰাষ্ট্ৰীয় মর্যাদা প্রদান কৰে।
উল্লেখযোগ্য যে ব্রিটেইনৰ প্ৰাক্তন সাংসদ তথা ইতিহাসৰ প্ৰাক্তন শিক্ষক এৰিক অলেৰেনশ্ব' অ' বি ইৰ দ্বাৰা উপস্থাপিত এক বৃহৎ ভ্রমণ আৰু সাংস্কৃতিক সংগ্ৰহৰ অংশ হৈছে এই তথ্যচিত্ৰখন। ভাৰতৰ প্ৰতি থকা তেওঁৰ সুদীর্ঘদিনীয়া আগ্রহ আৰু অনুৰাগেই এই সমগ্ৰ প্ৰকল্পটোৰ মূল আধাৰ হিচাপে বিবেচিত হৈছে। বিগত ১৭ বছৰ ধৰি লণ্ডনত বসবাস কৰা ৰাজদ্বীপ চৌধুৰীয়ে ভাৰতৰ বিভিন্ন প্ৰান্তৰ সংস্কৃতি, ইতিহাস আৰু জীৱন্ত অভিজ্ঞতাৰ অনুসন্ধানৰ বাবে এই তথ্যচিত্র সংগ্ৰহৰ ধাৰণাটো প্ৰস্তুত কৰিছিল। মকৰ সংক্ৰান্তিৰ শুভক্ষণত বাৰাণসী খণ্ডটোৰ দৃশ্যগ্রহণ সম্পন্ন কৰা হৈছিল। সেই বিশেষ সময়ছোৱাত মহাকুম্ভৰ আধ্যাত্মিক পৰিৱেশৰ মাজত প্রাচীন চহৰখনৰ দৈনন্দিন জনজীৱন আৰু ধৰ্মীয় পৰম্পৰাৰ প্ৰতিটো মুহূর্ত এই তথ্যচিত্রখনত অত্যন্ত নিপুণতাৰে ধৰি ৰখা হৈছে। ইয়াৰ সমান্তৰালভাৱে বাৰাণসীৰ চিৰন্তন সাংস্কৃতিক গুৰুত্বকো এই তথ্যচিত্ৰখনে অতি সাৱলীল আৰু মৰ্মস্পর্শী ৰূপত প্রতিফলিত কৰিছে।
মন কৰিবলগীয়া যে লণ্ডনৰ ভাৰতীয় উচ্চায়ুক্তৰ উদ্যোগত যোৱা ১০ মে'ত বি এফ আই এন এফ টি ২-ত তথ্যচিত্ৰখনৰ বিশেষ প্রদর্শনীৰো আয়োজন কৰা হয়। ইউ কে এছিয়ান ফিল্ম ফেষ্টিভেল আৰু টাংছ অন ফায়াৰৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানত প্রবাসী ভাৰতীয়ৰ লগতে বিভিন্ন সমাজৰ চলচ্চিত্ৰ অনুৰাগী আৰু দর্শকসকলে অংশগ্রহণ কৰে। এই অনুষ্ঠানৰ মাজতে তথ্যচিত্ৰখনৰ নিৰ্মাণ কর্মীসকলে 'হেৰিটেজ চিনেমা এক্সেলেন্স এৱাৰ্ড' সন্মান লাভ কৰিবলৈ সক্ষম হয়। চিনেমাৰ জৰিয়তে সাংস্কৃতিক কাহিনীকথনত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ভাৰতীয় উচ্চায়ুক্ত, ইউ কে এছিয়ান ফিল্ম ফেষ্টিভেল আৰু টাংছ অন ফায়াৰৰ সৌজন্যত এই বঁটা প্ৰদান কৰা হয়।