ৰাজীৱ গান্ধীৰ ৰাজনৈতিক জীৱন অতি নৃশংসভাৱে শেষ কৰি দিয়া হ’লঃ ছোনিয়া গান্ধী

Jyoti Borah August 22, 2023

ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীয়ে দেওবাৰে কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে তেওঁৰ চমু ৰাজনৈতিক জীৱনত অসংখ্য সাফল্য অৰ্জন কৰিছিল, কিন্তু অতি নৃশংসভাৱে তেওঁৰ ৰাজনৈতিক জীৱন শেষ কৰি দিয়া হ’ল৷ ৰাজীৱ গান্ধীৰ ৭৯সংখ্যক জন্ম বাৰ্ষিকীত ২৫সংখ্যক ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় সদ্ভাৱনা বঁটা প্ৰদান অনুষ্ঠানত ভাষণ দি ৰাজীৱ গান্ধীৰ পত্নী ছোনিয়া গান্ধীয়ে কয় যে

       "প্ৰাক্তন প্ৰধানমন্ত্ৰীজনৰ ৰাজনৈতিক জীৱন ‘অতি নৃশংসভাৱে’ শেষ হ’ল, কিন্তু তেওঁ দেশখনৰ সেৱা কৰাৰ কম সময়ছোৱাত মহিলাৰ সবলীকাৰণকে ধৰি ভালেমান সফলতা অৰ্জন কৰিছিল৷ তেওঁ দেশখনৰ  বৈচিত্ৰ্যৰ প্ৰতি খুব সংবেদনশীল আছিল৷ দেশখনৰ সেৱা কৰিবলৈ সময় পালেই তেওঁ অসংখ্য সফলতা অৰ্জন কৰিছিল৷ তেওঁ মহিলাৰ সবলীকৰণৰ প্ৰতি উৎসৰ্গিত আছিল৷"ছোনিয়া গান্ধীয়ে আৰু কয়, ‘তেওঁ পঞ্চায়ত আৰু পৌৰ নিকায়সমূহত মহিলাৰ বাবে এক তৃতীয়াংশ আসন সংৰক্ষণৰ বাবে সংগ্ৰাম কৰিছিল৷ এতিয়া সেইবোৰত ১৫ লাখ নিৰ্বাচিত মহিলা আছে আৰু ৰাজীৱ গান্ধীৰ কঠোৰ শ্ৰম আৰু দূৰদৃষ্টিৰ কাৰণেহে সেইটো হ’ল।'

 তদুপৰি, তেওঁৰ চৰকাৰে ভোট দিব পৰাৰ বয়স ২১ বছৰৰ পৰা ১৮ বছৰলৈ হ্ৰাস কৰিছিল৷’ উল্লেখযোগ্য যে কালি প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি হামিদ আনচাৰিয়ে ইয়াত ৰাজস্থানৰ বানসস্থলী বিদ্যাপীঠক ২০২০-২১ বৰ্ষৰ বাবে ২৫সংখ্যক ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় সদ্ভাৱনা বঁটা প্ৰদান কৰে৷ এই বিদ্যাপীঠখন মহিলাসকলৰ এটা আৱাসিক শিক্ষানুষ্ঠান৷ ৰাজীৱ গান্ধী ১৯৮৪-১৯৮৯ চনলৈ ভাৰতৰ সপ্তমজন প্ৰধানমন্ত্ৰী আছিল৷ ১৯৯১ চনৰ ২১ মে’ত তামিলনাডুৰ শ্ৰীপেৰুম্বুদুৰত এখন নিৰ্বাচনী সভাত এল টি টি ইৰ এটা আত্মঘাতী বোমাৰুৱে তেওঁক হত্যা কৰিছিল৷
 

Share This