ডিজিটেল ডেস্কঃ মুম্বাইৰ ভাৰ্ছোভা অঞ্চলত শেহতীয়াকৈ বলিউডৰ দুই জনপ্ৰিয় অভিনেতা ছনু ছুদ আৰু ৰাজপাল যাদৱক একেলগে দেখা যায়। দুয়োগৰাকী তাৰকাৰ মাজত হোৱা এই আকস্মিক সাক্ষাতে এতিয়া ছ'চিয়েল মিডিয়াত চৰ্চা লাভ কৰিছে।
ৰাজপাল যাদৱ আৰু ছনু ছুদে ইজনে সিজনক দেখাৰ লগে লগে অতি আন্তৰিকতাৰে সাবটি ধৰে। তেওঁলোকৰ এই বিশেষ মুহূৰ্তৰ এটা ভিডিঅ’ ইন্টাৰনেটত ভাইৰেল হৈ পৰিছে, য’ত দুয়োকে হাঁহিমুখে কেমেৰাৰ সন্মুখত প’জ দিয়া দেখা গৈছে।
নেটিজেনসকলে ছনু ছুদৰ উদাৰতা আৰু ৰাজপাল যাদৱৰ সৰলতাক প্ৰশংসা কৰিছে। বহুতে মন্তব্য কৰিছে যে দুয়োগৰাকী অভিনেতা কেৱল পৰ্দাতেই নহয়, বাস্তৱ জীৱনতো অতি অমায়িক।
ভিডিঅ’টোত দেখা গৈছে যে ৰাজপাল যাদৱে ছনু ছুদক লগ পাই অতি আনন্দিত হৈছে। ছনু ছুদেও তেওঁক বৰ মৰমেৰে আদৰণি জনায়। তেওঁলোকৰ মাজৰ এই বন্ধুত্ব আৰু সহজ-সৰল ব্যৱহাৰে পুনৰবাৰ প্ৰমাণ কৰিলে যে বলিউডৰ গ্লেমাৰৰ আঁৰতো এক সুন্দৰ মানৱীয় সম্পৰ্ক বিদ্যমান।
বৰ্তমান দুয়োৰে এই ভিডিঅ’টোৱে ছ'চিয়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মত খোপনি পুতিছে আৰু অনুৰাগীসকলে ইয়াক ব্যাপকভাৱে শ্বেয়াৰ কৰিছে।
প্ৰাগ নিউজ ডিজিটেল