ডিজিটেল ডেস্ক : মধ্য প্রাচ্যৰ যদ্ধৰ মাজতে ডুবাইত চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা এগৰাকী অসমীয়া মহিলাৰ মৃতদেহ অসমলৈ অনাক লৈ জটিলতাৰ সৃষ্টি হৈছে।
জানিব পৰা মতে, কৰ্কট ৰোগত আক্রান্ত হৈ ডুবাইৰ আল জাহাৰা হস্পিটেলত চিকিৎসাধীন হৈ আছিল অসমৰ ৰাজশ্রী শইকীয়া নামৰ মহিলাগৰাকী। কিন্তু কালি তেওঁৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়।
ইয়াৰ পাছত পৰিয়ালৰ লোকে মৃতদেহটো অসমলৈ অনাৰ বাবে চেষ্টা চলাই আছে যদিও যুদ্ধৰ ফলত দেখা দিয়া পৰিস্থিতিৰ বাবে মৃতদেহটো পৰিয়ালৰ লোকে অসমলৈ আনিব পৰা নাই। যাক লৈ পৰিয়ালটে এতিয়া মহা বিপদত পৰিছে।