ৰাছিয়াৰ কাজানত উপস্থিত ৯০০ কিল'মিটাৰ অতিক্ৰম ৰাকেশ পেৰাচাইক্লিষ্ট, প্ৰণয় বৰদলৈ 

dainik janambhumi May 12, 2025

ডিজিটেল ডেস্ক : ৰাছিয়াৰ ৰাজধানী মস্কোৰ পৰা গুৱাহাটীলৈ আয়োজিত 'ভল্লাৰ পৰা ব্ৰহ্মপুত্ৰ'লৈ শীর্ষক দুঃসাহসিক চাইকেল অভিযানত অংশগ্রহণকাৰী ৰাকেশ পেৰাচাইক্লিষ্ট কাজানত উপস্থিত হৈছেগৈ। ৰাকেশৰ অভিযানত সহযোগ কৰা সাংবাদিক প্রণয় বৰদলৈয়েও ৯০০ কিল'মিটাৰ দূৰত্ব চাইকেলেৰে অতিক্ৰমী ৰাছিয়াৰ ঐতিহাসিক চহৰ কাজানত অভিযানৰ এটা পৰ্যায়ৰ সামৰণি মাৰিছে। 

অভিযানকালত দুয়ো অভিযাত্রীয়ে পথত মুখামুখি হোৱা অসমৰ ব্ৰহ্মপুত্ৰৰ দৰেই ৰাছিয়াৰ জীৱন ৰেখাস্বৰূপ ৩,৫০০ কিল'মিটাৰ দীঘল ভল্লা নদীৰ ওপৰত অসমীয়াৰ স্বাভিমান গামোচা উৰুৱায়। এক শোকাৱহ পথ দুৰ্ঘটনাত ২০১২ চনত এখন ভৰি আঁঠুৰ ওপৰত কটা যোৱা ৰাকেশ হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ প্রথমগৰাকী পেৰাচাইক্লিষ্ট। উল্লেখযোগ্য যে মস্কোস্থিত ভাৰতীয় দূতাবাসত এই অভিযানৰ ফ্লেগ অফ কৰা হৈছিল। অভিযানকালত দুয়ো অভিযাত্রীয়ে মস্কোৰ পৰা বালাশিখা, নগিনস্ক, ভলাডিমিৰ, নিজনী নভগৰড, চেভলস্কি, য়াড্রেন আদি হৈ প্রখ্যাত তাতৰ জনগোষ্ঠীৰ আৱাসভূমি, সংগীতৰ বাবে ইউনেক্স ছাইটৰূপে জনাজাত কাজানত যোৱা ৯ মে'ত উপস্থিত হয়গৈ। 

অভিযাত্রীদ্বয়ক কাজানত চিকিৎসা বিজ্ঞান পাঠ্যক্ৰমত অধ্যয়নৰত ভাৰতীয় ছাত্র-ছাত্রী তথা অধ্যাপকৰ এটা দলে আদৰণি জনায়। উল্লেখযোগ্য যে সাংবাদিক প্রণয় বৰদলৈয়ে কাজানৰ পৰা ইতিমধ্যে গুৱাহাটীলৈ উভতি আহিছে যদিও ৰাকেশে গুৱাহাটীলৈ বুলি ৪ মাহজোৰা চাইকেল অভিযান অব্যাহত ৰাখিব। অভিযানকালত অভিযাত্রীদ্বয়ে অসমৰ পৰ্যটন সন্দৰ্ভত বিভিন্ন প্ৰচাৰ চলায়। সোমবাৰে ৰাকেশ পেৰাচাইক্লিষ্টে কাজান ফেডাৰেল বিশ্ববিদ্যালয়ত অসমৰ পৰ্যটনক লৈ বক্তব্য আগবঢ়াব আৰু লগতে ছাত্ৰ-ছাত্ৰীৰ লগত এক ভাব বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

Share This