MENU

ৰাম মন্দিৰৰ মুখ্য পুৰোহিত সত্যেন্দ্ৰ দাসৰ দেহাৱসান 

dainik janambhumi February 13, 2025

ডিজিটেল ডেস্কঃ অযোধ্যাৰ ৰাম জনমভূমি মন্দিৰৰ মুখ্য পুৰোহিত মহন্ত সত্যেন্দ্ৰ দাসৰ বুধবাৰে লক্ষ্ণৌৰ এখন চিকিৎসালয়ত মৃত্যু হয়। ৮৫ বছৰীয়া পুৰোহিতগৰাকীৰ ব্রেইন ষ্ট্ৰ'ক হোৱাৰ বাবে এই মাহৰ আগভাগত 'সঞ্জয় গান্ধী প'ষ্ট গ্রেজুৱেট ইনষ্টিটিউট অব্ মেডিকেল ছায়েন্সেজ'ত ভৰ্তি কৰোৱা হৈছিল।

 চিকিৎসালয়খনৰ তৰফৰ পৰা জনোৱা হয়, 'অযোধ্যাৰ ৰাম মন্দিৰৰ মুখ্য পুৰোহিত সত্যেন্দ্ৰ দাস ডাঙৰীয়াই আজি শেষ নিশ্বাস ত্যাগ কৰে। ষ্ট্ৰ'কৰ বাবে গুৰুতৰ অৱস্থাত যোৱা ৩ ফেব্ৰুৱাৰীত তেওঁক নিউৰ'লজি ৱাৰ্ডৰ এইচ ডি ইউ (হাই ডিপেণ্ডেচি ইউনিট)-ত ভৰ্তি কৰা হৈছিল। দাসে ২০ বছৰ বয়সৰ পৰা মন্দিৰৰ মুখ্য পুৰোহিতৰূপে সেৱা আগ বঢ়াইছিল। 

১৯৯২ চনৰ ৬ ডিচেম্বৰৰ বাবৰি মছজিদ ধ্বংসৰ সময়তো তেওঁ মন্দিৰৰ মুখ্য পুৰোহিত হৈ আছিল। ইফালে পুৰোহিত দাসৰ মৃত্যুত আজি শোক প্রকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে মহন্ত সত্যেন্দ্র দাসৰ সমগ্ৰ জীৱনটো প্ৰভু ৰামৰ সেৱাত উছৰ্গিত আছিল।

Share This