শপত গ্ৰহণৰ দুদিন পাছতেই মন্ত্রিত্ব ত্যাগ ৰামালিংগ ৰেষ্ট্ৰীৰ

dainik janambhumi June 06, 2026

ডিজিটেল ডেস্ক : বহু জল্পনা-কল্পনাৰ অন্তত যোৱা বুধবাৰে কর্ণাটকত নৱনিযুক্ত মুখ্যমন্ত্রী ডি কে শিৱকুমাৰে আন ১৪জন সতীৰ্থৰ সৈতে শপত গ্রহণ কৰিছিল। কিন্তু এই দুদিনৰ সময়তে মুখ্যমন্ত্রী শিৱকুমাৰৰ মন্ত্ৰীসভাত ঘটিছে। শিৱকুমাৰ নেতৃত্বাধীন চৰকাৰখনলৈ এটা হতাশাজনক পৰিস্থিতিৰ সৃষ্টি কৰি ৰাজ্যখনৰ নৱনিযুক্ত কেবিনেট মন্ত্রী ৰামালিংগ ৰেড্ডীয়ে শুকুৰবাৰে মন্ত্ৰিত্বৰ পৰা পদত্যাগ কৰে। 

সদ্য পদত্যাগী মন্ত্ৰী ৰেড্ডী বিভাগ আবণ্টনৰ ক্ষেত্রত অসন্তুষ্ট। পদত্যাগ-পত্র দাখিল কৰি পড়ায়ে দাবী করোলে তেওঁক মুখ্যমন্ত্ৰী শিৱকুমাৰে বেংগালুৰু উন্নয়ন বিভাগ দিয়াৰ কথা আছিল যদিও মুখ্যমন্ত্রীয়ে বিভাগটো নিজৰ লগত ৰাখে, যিটো তেওঁৰ বাবে গ্রহণযোগ্য নহয়। 

ৰেড্ডীৰ পদত্যাগত প্রতিক্রিয়া প্রকাশ কৰি মুখ্যমন্ত্ৰী শিৱকুমাৰে কয় যে ৰামালিংগ ৰেড্ডী এজন জ্যেষ্ঠ নেতা আৰু তেওঁৰ ঘনিষ্ঠ বন্ধু। সেইবাবে তেওঁ এই বিষয়টো ৰেড্ডীৰে আলোচনা কৰি সমাধান কৰিব।

Share This