১০ অক্টোবৰত গুৱাহাটী লিটাৰেচাৰ ফেষ্টিভেল, ৰংবং তেৰাঙলৈ ধ্রুপদী অসমীয়া ভাষা বঁটা

dainik janambhumi October 08, 2026

ডিজিটেল ডেস্ক : সাহিত্য, শিল্প, সংস্কৃতি আৰু সমসাময়িক চিন্তাৰ আলোচনাৰে অহা ১০ অক্টোবৰত অনুষ্ঠিত হ'ব গুৱাহাটী লিটাৰেচাৰ ফেষ্টিভেল-২০২৬। নুমলীগড় শোধনাগাৰ লিমিটেডৰ সহযোগত গুৱাহাটীৰ ছয়মাইলৰ এন আৰ বি চিটি মলৰ পঞ্চম মহলাস্থিত দ্য বেলাছিয়ানত বিয়লি ৩ বজাৰ পৰা উৎসৱৰ কাৰ্যসূচী আৰম্ভ হ'ব। 

অসমৰ বানপীড়িত ৰাইজৰ দুখ-কষ্টৰ প্ৰতি সংবেদনশীল হৈ এইবাৰৰ উৎসৱ সীমিত পৰিসৰত, এটা অন্তৰংগ পৰিৱেশত আয়োজন কৰা হৈছে বুলি আয়োজক সমিতিয়ে জনাইছে। কল্পবৃক্ষৰ 'তুমি সুবাস অসমীৰে' পৰিৱেশনেৰে আৰম্ভ হ'বলগীয়া উদ্বোধনী কার্যসূচীত মুখ্য অতিথি হিচাপে অংশ ল'ব সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালকপ্রধান ড° কুলধৰ শইকীয়াই। আদৰণী ভাষণ আগবঢ়াব সাহিত্যিক তথা উৎসৱৰ মুখ্য উপদেষ্টা ময়ূৰ বৰাই আৰু বিশেষ বক্তব্য আগবঢ়াব সভানেত্রী পূৰবী বৰাই। বিয়লি ৩-৪৫ বজাত অনুষ্ঠিত হ'ব জি এল এফৰ বঁটা প্ৰদান অনুষ্ঠান। অসমীয়া ভাষা-সাহিত্যলৈ জীৱনজোৰা অৱদানৰ স্বীকৃতিস্বৰূপে পদ্মশ্ৰী ৰংবং তেৰাঙলৈ 'জি এল এফ ধ্রুপদী অসমীয়া ভাষা বঁটা-২০২৬', ভাস্কর্য আৰু চিত্ৰশিল্পলৈ অৱদানৰ বাবে বীৰেন সিংহলৈ 'জি এল এফ ঘনশ্যাম খনিকৰ কলাৰত্ন বঁটা ২০২৬' আৰু সমসাময়িক অসমীয়া সাহিত্যলৈ অৱদানৰ বাবে, বিশেষকৈ 'বৰৰজা প্রমথেশ্বৰী' উপন্যাসৰ বাবে শিবানী বৰালৈ 'জি এল এফ নাথান ব্রাউন সাহিত্য বঁটা-২০২৬' আগবঢ়োৱা হ'ব। শিক্ষা আৰু শ্ৰেণীকোঠাৰ বাহিৰেও সমাজলৈ আগবঢ়োৱা সেৱাৰ স্বীকৃতিস্বৰূপে অসমৰ শিক্ষক সমাজক সমূহীয়াভাৱে 'জি এল এফ দধীচি বঁটা-২০২৬'ৰে সন্মানিত কৰা হ'ব। ইয়াৰ পাছতে শিক্ষা, সাহিত্য, সংস্কৃতি আৰু সমাজৰ বিভিন্ন ক্ষেত্রলৈ অৱদানৰ বাবে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়, অতনু ভট্টাচার্য আৰু মিতালী দে'ৰ গল্পকথা, থলগিৰি, দ্য বুদ্ধ গ্ৰ'ভ, বান্ধৱ আৰু বৰ্ণক বিশেষ সম্বর্ধনা জনোৱা হ'ব। লগতে প্রাক্তন জিলা আৰু সত্ৰ ন্যায়াধীশ দাৰাক উল্লা, ব্ৰহ্মপুত্ৰ ক্রুজৰ সঞ্চালক শান্তি দলে, ডি ডি নিউজ অসমৰ সহকাৰী সঞ্চালক তথা অসমীয়া 'যোজনা'ৰ সম্পাদক মাৰুফ আলম আৰু এছ বি দেওৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ধর্মেন্দ্র নাথকো সম্বর্ধনা জনোৱা হ'ব। বিয়লি ৪-৪৫ বজাত 'মানুহ বনাম কৃত্রিম বুদ্ধিমত্তা- সৃজনশীলতা আৰু সাহিত্যৰ ভৱিষ্যৎ' শীর্ষক আলোচনাত অংশ ল'ব লেখক-সমালোচক অৰিন্দম বৰকটকী, লেখক অৰণ্যক শইকীয়া আৰু 'আখৰ এ আই'ৰ সহঃ প্রতিষ্ঠাপক কাব্যনীল তালুকদাৰে। 

আলোচনা সঞ্চালনা কৰিব লেখিকা আৰু সাংবাদিক নাছৰিন হাবিবে। সন্ধিয়া ৬ বজাত 'বানৰ পাছৰ শিৱসাগৰ আৰু চৰাইদেউ - এতিয়া কি?' শীর্ষক বিশেষ অধিৱেশনত বানপীড়িত অঞ্চলৰ দীর্ঘম্যাদী পুনর্বাসন, শিক্ষা আৰু ৰাইজৰ অংশগ্ৰহণৰ বিষয়ে আলোচনা কৰা হ'ব। এই অধিৱেশনত ড° ৰীতা চৌধুৰী, নিতুমণি দত্ত, কেনী বসুমতাৰী, গীতালী বৰা, গোবিন কুমাৰ খাউণ্ড আৰু দৃষ্টি নন্দনাৰ লগতে অসমী ২৪, প্রজেক্ট ৰুৱা আৰু ৰেইনড্ৰপছৰ 'পাখি' শিশু পুথিভঁৰালৰ অভিজ্ঞতা আৰু উদ্যোগে স্থান পাব। সন্ধিয়া ৬-৫৫ বজাত শিৱসাগৰৰ জ্ঞানজ্যোতি একাডেমি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে 'ৱাটাৰমাৰ্ক' শীর্ষক নাটিকা পৰিৱেশন কৰিব। ইয়াৰ পাছতে আদ্রিকা প্রিয়ম বৰা (নূপুৰ) ৰ একক সংগীতানুষ্ঠান অনুষ্ঠিত হ'ব। মঞ্জুলা হাজৰিকা ভূঞাৰ শলাগৰ শৰাইৰ পাছত নৈশভোজ আৰু অন্তৰংগ আলাপেৰে উৎসৱৰ সামৰণি পৰিব। উৎসৱ সম্পর্কীয় অধিক তথ্য তথা প্ৰৱেশ-পাছৰ বাবে ৯৮৫৪২০২৯৬৪ অথবা ৬০২৬৩২৮৮০৮  ম'বাইল নম্বৰত যোগাযোগ কৰিব পাৰিব।

Share This