ডিজিটেল ডেস্ক: টি-২০ ক্রিকেটত ৭০০ উইকেট দখল কৰা প্ৰথমগৰাকী বলাৰত পৰিণত হৈছে ৰছিদ খান। সোমবাৰে ইউ এ ইৰ বিৰুদ্ধে চলিত টি-২০ বিশ্ব কাপৰ খেলখনত মহম্মদ আৰফানক আউট কৰি সেই মাইলৰ খুঁটিত উপনীত হয় আফগানিস্তানৰ তাৰকা স্পীনাৰগৰাকী।
ইউ এ ইৰ বিৰুদ্ধে খেলখনত নমাৰ আগেয়ে তেওঁৰ নামত আছিল ৬৯৯টা উইকেট। ষষ্ঠদশ অ'ভাৰত আৰফানক হিট উইকেট আউট কৰি ৭০০ উইকেটৰ ক্লাবত প্ৰৱেশ কৰে। যোৱা সপ্তাহত দক্ষিণ আফ্ৰিকাৰ ৬৯৮ আৰু ৬৯৯ সংখ্যক উইকেট দখলৰ পাছত আফগানিস্তানৰ অধিনায়ক ৰছিদে ইউ এ ইৰ বিৰুদ্ধে খেলখনত ৩.২ অ'ভাৰ পর্যন্ত কোনো সফলতা লাভ কৰিব পৰা নাছিল।
ৰছিদে ২০টা বলত ১৭ ৰান ব্যয় কৰি উইকেটৰ মুখ দেখা নাছিল। পিছে ৰছিদৰ বল ছুইপ কৰিবলৈ যাওঁতেই হিট উইকেট হয় আৰফান। ইফালে, অৱসৰপ্ৰাপ্ত ডোৱেইন ব্রেভোৱে ৬৩১টা উইকেট দখল কৰি তালিকাৰ দ্বিতীয় স্থানত আছে। আনহাতে, সক্রিয় বলাৰৰ ভিতৰত সুনীল নাৰিনে ৬১৩টা উইকেটেৰে ৭০০ ক্লাবৰ তালিকাত তৃতীয় স্থানত আছে।