ডিজিটেল ডেস্কঃ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমবাৰৰ বাবে আইপি এলৰ খিতাপ অৰ্জন কৰাৰ পাছত বুধবাৰে বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত আয়োজন কৰা বিজয় উৎসৱ পালন কৰাৰ সময়তে ঠেলা-হেঁচাত পদপিষ্ট হৈ ১১জন লোক নিহত হোৱাৰ লগতে ৫০জন আহত হৈছিল।
এই দুৰ্ঘটনাৰ বিষয়ত শোক প্ৰকাশ কৰি কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই বৃহস্পতিবাৰে সংবাদমেলৰ আয়োজন কৰে। মুখ্যমন্ত্রীজনে কয় যে প্রথমবাৰৰ বাবে কৰ্ণাটকত এনেধৰণৰ প্ৰথমটো পদপিষ্টৰ ঘটনা সংঘটিত হ'ল। এই পদপিষ্টৰ ঘটনাৰ এক দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্রীজনে।
ইয়াৰ পাছতে বেংগালুৰু আৰবানৰ উপ-আয়ুক্ত জি জগদীশে কৰ্ণাটক ষ্টেট ক্রিকেট এছ'চিয়েশ্যন আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুলৈ (আৰ চি বি) জাননী জাৰি কৰে। তদন্তকাৰী বিষয়াজনে দুর্ঘটনাস্থলী চিন্নাস্বামী ষ্টেডিয়ামো পৰিদৰ্শন কৰে। বেগালুৰৰ আৰক্ষী আয়ুক্তলৈও তেওঁ জাননী প্ৰেৰণ কৰে।
ইফালে, আৰ চি বিৰ পৰিচালনা সমিতিয়ে পদপিষ্ট হৈ মৃত্যু হোৱা মৃতকৰ পৰিয়াললৈ ১০ লাখ টকাকৈ ক্ষতিপূৰণ আগবঢ়াইছে। তদুপৰি, কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে নিহতসকলৰ পৰিয়াললৈ ১০ লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদানৰ বিষয়ে ঘোষণা কৰিছে। আনহাতে, কর্ণাটকৰ উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ এটা গোচৰ তৰি ৰাজ্য চৰকাৰখনলৈ জাননী প্ৰেৰণ কৰিছে আৰু ১০ জুনৰ ভিতৰত এই বিষয়ত এখন প্রতিবেদন দাখিল কৰিবলৈ নির্দেশ দিছে।
উল্লেখযোগ্য যে বুধবাৰে আয়োজিত বিজয় উৎসৱত প্রায় ২.৫ লাখ লোকে অংশ লৈছিল।