১০জনেৰে খেলিও জয়ী ৰিয়েল মাদ্রিদ

dainik janambhumi June 24, 2025

ডিজিটেল ডেস্ক : ফিফা ক্লাব বিশ্ব কাপ ফুটবলৰ দেওবাৰৰ দিনটোত জিলিকি উঠিল আগশাৰীৰ তিনি ইউৰোপিয়ান ক্লাব। জুভেন্টাছ, ৰিয়েল মাদ্রিদ আৰু মাঞ্চেষ্টাৰ চিটিয়ে নিজ নিজ গ্রুপ লীগৰ খেলত আত্মবিশ্বাসভৰা জয় সাব্যস্ত কৰে। এই জয়েৰে জুভেন্টাছ আৰু মাঞ্চেষ্টাৰ চিটি অন্তিম ১৬-ত উপনীত হৈছে। আনহাতে, ৰিয়েল মাদ্রিদে অধিকাংশ সময়জুৰি ১০ জনেৰে খেলিবলগীয়া হ'লেও প্রতিযোগিতাখনত প্রথম জয়ৰ মুখ দেখে। ইফালে, মাঞ্চেষ্টাৰ চিটিয়ে ইলকে গুন্দোগনিৰ দুগ'লৰ সহায়ত আল আইনক ৬-০ ব্যৱধানত হৰুৱাই নক-আউটত স্থান নিশ্চিত কৰে। 

আর্লিং হালাডে পেনাল্টিত গ'ল দিয়াৰ বিপৰীতে ক্লুডিঅ'' এচেভেৰী, অস্কাৰ বব আৰু বায়ান চেৰকিঅ'ই দিয়ে এটাকৈ গ'ল। ইয়াৰ উপৰি, ৰিয়েলে ৩-১ গ'লত পাচুকাক হৰুৱাই নক আউটৰ আশা সজীৱ ৰাখে। 

ৰাউল আছেনছিঅ'ই খেলৰ ৮ মিনিটতে ৰঙা কার্ড পাই খেলপথাৰ এৰিব লগীয়া হ'লেও জুড বেলিংহাম, আর্দা গুলাৰ আৰু ফেডেৰিকো ভালবাৰ্ডেৰ গ'লেৰে জয়ী হয় ৰিয়েল। পাচুকাৰ হৈ ১৯ বছৰীয়া ইলিয়াছ মনট্রিয়েলে শেষৰ ফালে ব্যৱধান ৩-১লৈ হ্ৰাস কৰে। ইয়াৰ আগেয়ে জুভেণ্টাছে ৪-১গ'লত ৱেডাড কাছাব্লাংকাক হৰুৱাই নক-আউটত প্ৰৱেশ নিশ্চিত কৰিছিল।

Share This