ডিজিটেল ডেস্ক: ১২ ফেব্ৰুৱাৰীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মাজুলীত উপস্থিত হৈ একাধিক গুৰুত্বপূৰ্ণ চৰকাৰী আৰু উন্নয়নমূলক কার্যসূচীত অংশগ্রহণ কৰিব। মুখ্যমন্ত্ৰীৰ এই ভ্রমণক লৈ ইতিমধ্যে মাজুলী জিলা প্রশাসনে প্রস্তুতি তুংগত কৰি তোলা পৰিলক্ষিত হৈছে। সেইদিনা মুখ্যমন্ত্ৰীয়ে মাজুলীৰ গড়মূৰত উপস্থিত হৈ মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত মাজুলী জিলাৰ ৩১,৯৫২গৰাকী মহিলাক আঁচনিখনৰ প্ৰাৰম্ভিক চে'ক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিব। ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে মাজুলীত কেইবাটাও বহুদিনীয়া প্রতীক্ষিত আৰু অভিলাষী উন্নয়নমূলক প্ৰকল্পৰ শুভউদ্বোধন কৰিব।
মুখ্যমন্ত্ৰীৰ কাৰ্যসূচীৰ অন্তৰ্গত উল্লেখযোগ্য অনুষ্ঠানসমূহ হৈছে-মাজুলীৰ কৃষ্ণনগৰত অৱস্থিত সংহত জিলা আয়ুক্ত কার্যালয় উদ্বোধন, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিৱাসৰ উদ্বোধন, চেলেক-ধূনাগুৰিৰ চেলেং অংশত থকা ৭৫০ মিটাৰ দৈৰ্ঘ্যৰ দলঙৰ শুভ উদ্বোধন, যোৰহাট-মাজুলী দলঙৰ পুনৰ নিৰ্মাণৰ ভূমি পূজন আৰু দক্ষিণপাট সত্ৰৰ সংগ্ৰহালয় উদ্বোধন।
উল্লেখযোগ্য যে যোৱা ২০২৪ চনৰ ৩১ মাৰ্চত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চেলেক-ধূনাগুৰি দলঙৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লৈছিল। সেই সময়ত তেওঁ মুঠ ৭৫০ মিটাৰ দৈৰ্ঘ্যৰ চেলেক অংশটো ২০২৫ বৰ্ষৰ বহাগ বিহুৰ সময়ত ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব বুলি উল্লেখ কৰাৰ লগতে দলংখনৰ ধূনাগুৰি অংশটো ২০২৬ চনত মুকলি কৰি দিয়া হ'ব বুলি ঘোষণা কৰিছিল। সেই ঘোষণা অনুসৰি কাম আগবঢ়াই নিয়া হৈছে যদিও বৰ্তমান ৭৫০ মিটাৰ দৈৰ্ঘ্যৰ চেলেক অংশটো সম্পূর্ণ হৈ উঠাত মুখ্যমন্ত্রীয়ে নিজেই এই অংশটো উদ্বোধন কৰিব বুলি খবৰ ওলোৱাৰ পাছতে মাজুলীবাসী ৰাইজ বিশেষভাৱে আনন্দিত হৈ পৰিছে। দলং সংযোগী পথৰ সৈতে মুঠ ১৯.৪৫৭ কিল'মিটাৰ দৈৰ্ঘ্যৰ এই চেলেক-ধূনাগুৰি দলংখনৰ মুঠ প্রকল্প ব্যয় হৈছে ৭৮৫.৩৫ কোটি টকা। অৱশ্যে ইয়াৰে ৬৯৪.৭৭ কোটি টকাহে ইপিচি (EPC) ম'ডত সংশ্লিষ্ট ঠিকাদাৰী প্ৰতিষ্ঠানক ঠিকা আবণ্টন দিয়া হৈছিল।
ইফালে মুখ্যমন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰি জিলা প্ৰশাসনৰ লগতে সংশ্লিষ্ট বিভাগসমূহে ব্যাপক প্রস্তুতি আৰম্ভ কৰিছে। আজি মাজুলীৰ বিধায়ক ভুৱন গামে পুৱাই মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিবলগীয়া চেলেক-ধূনাগুৰি দলঙৰ নির্মাণস্থলীত উপস্থিত হৈ দলংখনৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে। তাত তেওঁ কামৰ অগ্ৰগতিৰ বুজ লৈ বিভাগীয় বিষয়ববীয়াসকলৰ সৈতে আলোচনাত মিলিত হৈ নিৰ্ধাৰিত সময়ৰ ভিতৰত কাম সম্পূৰ্ণ কৰাৰ বাবে প্ৰয়োজনীয় নির্দেশনা প্রদান কৰে।