ডিজিটেল ডেস্ক : অসমৰ স্বাভিমান পাট-মুগাৰ লগতে কপাহী সূতাৰ গামোচাৰে ৰং-বিৰঙৰ ছাতি নিৰ্মাণ কৰি এক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে হালোগাঁৱৰ এগৰাকী উদ্যোগী যুৱকে। শুৱালকুছিৰ সমীপৱৰ্তী হালোগাঁও বাহাৰৰ প্রয়াত জীৱন শালৈ আৰু ৰম্ভা শালৈৰ দ্বিতীয় পুত্ৰ ৰতন শালৈয়ে কুটীৰ উদ্যোগত সাজি উলিয়াইছে এই বিভিন্ন ৰঙৰ দৰাৰ ছাতি। আর্থিক অনাটনৰ মাজত শৈশৱ, কৈশোৰ আৰু যুৱ বয়স অতিক্রম কৰা ৰতন শালৈৰ পিতৃ আছিল এজন আদর্শ কৃষক। কিন্তু নিজৰ খেতিৰ মাটিৰ অভাৱত আনৰ পথাৰত কাম কৰি ভীষণ অভাৱ-অনাটনৰ মাজত জীৱন সংগ্রাম চলাই কোনোমতে পৰিয়ালটোৰ পাঁচগৰাকী সদস্যৰ দুবেলা দুমুঠি যোগাৰ কৰিছিল। এই অভাৱ-অনাটনৰ মাজতে পৰিয়ালটোৰ দ্বিতীয় পুত্ৰ ৰতন শালৈয়ে প্রতিজ্ঞাবদ্ধ হৈছিল পৰিয়ালটোক দুখৰ পৰা উদ্ধাৰ কৰাৰ। সেয়ে তেওঁ অতি আগ্ৰহৰে পঢ়া-শুনাত মন দিছিল। ১৯৯৩ চনত তেওঁ হালোগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীর্ণ হৈ বামুন্দীৰ জুনিয়ৰ কলেজত উচ্চতৰ মাধ্যমিকৰ কলা শাখাত নামভৰ্তি কৰে। তাৰ পৰা ১৯৯৫ চনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীর্ণ হৈ শুৱালকুছি মহাবিদ্যালয়ত স্নাতক কলা শাখাত নামভর্তি কৰে।
১৯৯৮ চনত তেওঁ উক্ত মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী লাভ কৰে। তাৰ পাছতে তেওঁ চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাই চাকৰিৰ কোনো সুবিধা কৰিব নোৱাৰি চৰকাৰী চাকৰিৰ আশা বাদ দি আৰ্টৰ কামত মনোনিৱেশ কৰে। দোকানৰ বা অন্যান্য ছাইনব'র্ড আদি লিখি ধন উপাৰ্জন কৰে যদিও তাত তেওঁৰ মন নবহিল। পৰৱৰ্তী দিনত তেওঁ গামোচা ব্যৱসায়ৰ লগত জড়িত হৈ পৰে। উদ্যমী যুৱকজনে প্রথমে গুৱাহাটীৰ গণেশগুৰিৰ ফুটপাথত গামোচা বিক্ৰীৰ ব্যৱসায় কৰে। কেইমাহমান কৰাৰ পাছত তেওঁ ব্যৱসায়ত সফলতা লাভ নকৰাত গুৱাহাটীৰ দোকানে দোকানে পাইকাৰী হাৰত গামোচা দিবলৈ আৰম্ভ কৰে। তাত তেওঁ সফলতা লাভ কৰাত লাহে লাহে গামোচাৰ ব্যৱসায়খন বৃদ্ধি হ'বলৈ ধৰে। পৰৱৰ্তী সময়ত তেওঁ পাইকাৰী ব্যৱসায় হিচাপে প্রতিষ্ঠিত হয় আৰু অর্থনৈতিকভাৱে স্বাৱলম্বী হৈ পৰে। পাছত গামোচা দিয়া ব্যাৱসায়িক প্রতিষ্ঠানসমূহে গামোচাৰ ছাতি বনাবলৈ তেওঁক কয়। এইক্ষেত্ৰত তেওঁ বিশেষ পাৰদৰ্শী নোহোৱাৰ বাবে কিছুদিন চিন্তা কৰিবলগীয়া হয়। পাছত ব্যৱসায়ীসকলৰ তাড়নাত তেওঁ গামোচাৰে ছাতি বনোৱা কাম আৰম্ভ কৰে। কিন্তু ইয়াতো থমকিব লগাত পৰে। কিয়নো ছাতিৰ বাবে কাপোৰ প্ৰস্তুত কৰাত কিছু অসুবিধাৰ সন্মুখীন হ'ব লগাত পৰে। এনেদৰে কেইবাটাও ছাতি নষ্ট হয় যদিও তেওঁ একাগ্ৰতাৰে কামটোত মনোনিৱেশ কৰি অৱশেষত চিলাই কামত অভিজ্ঞ স্থানীয় যুৱতী কাশ্মিৰী পাঠকৰ সহযোগত গামোচাৰে ছাতি বনোৱা কাম কৰে। প্ৰথম অৱস্থাত তেওঁ কপাহী সূতাৰ বিভিন্ন ৰঙীন গামোচাৰে ছাতি প্রস্তুত কৰে। এই ছাতি বিশেষকৈ দৰাৰ বাবে প্রয়োজন। বিবাহৰ দিনা হিন্দু সম্প্ৰদায়ৰ দৰাই দুপৰীয়া শ্রাদ্ধৰ পিণ্ড উটুৱাবলৈ নিয়াৰ সময়ত দৰাৰ সখীয়েকে ছাতি ধৰি আৰু নিশা দৰাই কইনাৰ ঘৰলৈ বিবাহ কৰবালৈ যাওঁতে এই ছাতি ব্যৱহাৰ হয়। পৰৱৰ্তী সময়ত মাত্ৰাধিক ছাতিৰ প্রয়োজন হোৱাত তেওঁ ছাতি প্ৰস্তুত কৰা উদ্যোগ এটি নিজৰ গৃহতে স্থাপন কৰি প্ৰায় ডেৰ কুৰি মহিলা যুৱক-যুৱতীক এই উদ্যোগত কর্মসংস্থাপন দিয়ে।
প্রতিদিনে ৪০-ৰ পৰা ৫০টালৈকে ছাতি প্রস্তুত কৰে কৰ্মচাৰীসকলে। এই ৰং-বিৰঙৰ ছাতিসমূহ অসমৰ বিভিন্ন প্ৰান্তত থকা কাপোৰৰ বিপণীসমূহৰ জৰিয়তে বিক্ৰী কৰা হয়। ইয়াৰ উপৰি অসমৰ বাহিৰৰ বিহাৰ, কলকাতা, মেঘালয় আদিলৈকেও ছাতিসমূহ যোগান ধৰে। প্ৰতিটো ছাতিৰ মূল্য ৩৫০ টকাৰ পৰা ১৫০০ টকা পর্যন্ত নিৰিখ ধাৰ্য কৰিছে ব্যৱসায়ী ৰতন শালৈয়ে। তেওঁ জানিবলৈ দিয়া মতে অৰ্ডাৰ অনুযায়ী পাট, মুগা আৰু তচ কাপোৰৰ ছাতিয়ো ইয়াত প্ৰস্তুত কৰা হয়। সেইবোৰৰ মূল্য বেছি হোৱা বাবে অৰ্ডাৰ নহ'লে বনোৱা নহয়। ইয়াৰ উপৰি তেওঁৰ উদ্যোগটোতে প্রস্তুত কৰা হয় কাপোৰৰ বেগ, ফুলাম জাপি, দৰাৰ টুপি, কুচন ক'ভাৰ, গাৰু ক'ভাৰ, বেবী ছাতি, বিচনী আৰু লাভ চিহ্ন। তেওঁক এই কামত বিশেষভাৱে সহায় কৰে পত্নী মিতালী শালৈয়ে। বর্তমান মাতৃ, পত্নী আৰু এগৰাকী জীয়ৰীৰ সৈতে কোনো অভাৱ নোহোৱাকৈ সুন্দৰভাৱে পৰিয়ালটো চলাই আছে। লগতে তেওঁ ২৫গৰাকী কৰ্মচাৰী নিয়োগ কৰি কৰ্মচাৰীসকলৰ পৰিয়ালসমূহৰো জীৱন জীৱিকাৰ দায়িত্ব গ্রহণ কৰি এক আদর্শ দাঙি ধৰিছে। অভাৱ-অনাটনে এগৰাকী মানুহক যে এটা সৎ পথ দি জীৱনৰ উন্নতি ঘটাব পাৰে, তাৰ জ্বলন্ত উদাহৰণ ৰতন শালৈ। প্রকৃততে ধৈর্য আৰু একাগ্রতাই মানুহক যে উচিত পথ দিয়ে এয়াও এক বাস্তৱ সত্য হিচাপে বিবেচিত হৈছে।