ডিজিটেল ডেস্ক : প্রাথমিক বিদ্যালয়ত বিজ্ঞাপন প্রকাশৰ প্ৰায় দুটা বছৰৰ মূৰত ৫৫৫০টা পদ পূৰণৰ বাবে নথি-পত্ৰ পৰীক্ষণ চলি থকা সময়তে মেধাসম্পন্ন প্ৰাৰ্থীৰ বাবে আৰু এটা ভাল খবৰ দিছে প্রাথমিক শিক্ষা সঞ্চালকে। নিম্ন প্রাথমিকত ৩,৮০০টা আৰু উচ্চ প্রাথমিকত ১,৭৫০টা সহকাৰী শিক্ষক পদত নিযুক্তিৰ বাবে ২০২৩ চনৰ ২৬ ডিচেম্বৰতে বিজ্ঞাপন প্রকাশ হৈছিল। সম্প্রতি এই পদসমূহৰ বাবে প্ৰাৰ্থীসকলৰ নথি-পত্ৰৰ পৰীক্ষণ চলি আছে। ৫,৫৫০টা শিক্ষকৰ পদ পূৰ হোৱাৰ পাছত পৰৱৰ্তী পৰ্যায়ত আৰু ৪,৫০০ পদত নিযুক্তিৰ প্ৰক্ৰিয়া চলিব বুলি বুধবাৰে প্রাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। তদুপৰি স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ পদত নিযুক্তিৰ প্ৰক্ৰিয়া চলি থকাৰ সময়ত বর্তমানে প্রাথমিক স্তৰত কাম কৰি থকা প্রায় ১ হাজাৰ শিক্ষকে সেই পদসমূহৰ যোগ্যতা অৰ্জন কৰিছে। সেইসকল শিক্ষকে নতুন পদত যোগদান কৰাৰ পাছত এই পদসমূহ খালী পদৰ তালিকাত ধৰিব পৰা যাব বুলি প্রাথমিক শিক্ষা সঞ্চালকে কয়।
উল্লেখযোগ্য যে একেগৰাকী প্রার্থীয়ে বিভিন্ন স্তৰত থকা পদসমূহৰ বাবে আৱেদন জনায়। কোনো কোনো প্রার্থীয়ে আটাইকেইটা স্তৰৰ শিক্ষক পদত নিযুক্তিৰ বাবে যোগ্যতা অর্জন কৰে যদিও সময়ত তেওঁ সুবিধা বা পচন্দ অনুসৰি এটা স্তৰৰ পদতহে যোগদান কৰে। যাৰ ফলত বাছনিত উঠা আন স্তৰত থকা পদসমূহ খালী হৈ থাকে। প্রকৃততে খালী পদৰ বিপৰীতে সম্পূর্ণ নিযুক্তি হৈ নুঠেগৈ। সেয়েহে এইবাৰ এনে প্ৰাৰ্থীৰ বাবে যাতে আন প্রার্থী বঞ্চিত হ'ব নোৱাৰে তাৰ ব্যৱস্থা কৰাৰ কথাও প্রাথমিক শিক্ষা সঞ্চালকে জানিবলৈ দিয়ে। প্রাথমিক পৰ্যায়ৰ দুয়োটা স্তৰত নিযুক্তিৰ বাবে প্ৰাৰ্থীসকলৰ দ্বিতীয় পৰ্যায়ৰ নথি পত্ৰ পৰীক্ষাৰ কাম খানাপাৰাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অতিথিশালা 'ৰোহিকা'ত কাইলৈ পর্যন্ত চলিব। প্রথম আৰু দ্বিতীয় পৰ্যায়ৰ নথি-পত্ৰ পৰীক্ষাৰ সময়ত যিসকল প্রার্থীয়ে বিভিন্ন কাৰণত উপস্থিত থাকিব নোৱাৰিলে তেওঁলোকৰ বাবে পুনৰ সুযোগ দিছে প্রাথমিক শিক্ষা সঞ্চালকালয়ে। বৰাক উপত্যকালৈ ভূমিস্খলনৰ বাবে যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ থকাৰ ফলত নথি পৰীক্ষণত উপস্থিত থাকিব নোৱৰা প্ৰাৰ্থীসকলকো সুযোগ দিয়া হৈছে।
তেনেদৰে নথি-পত্ৰ পৰীক্ষণলৈ নমতা যিসকল প্রার্থীৰ আপত্তি আছে তেওঁলোকক কি কি কাৰণত মতা নহ'ল সেই কথা সঞ্চালকালয়লৈ আহি বুজ ল'বলৈ নির্দিষ্ট তাৰিখ ঠিক কৰা হৈছে। প্রাথমিক শিক্ষা সঞ্চালক সেনাপতিয়ে সংবাদ মাধ্যমৰ আগত কয় যে প্রথম পৰ্যায়ৰ প্ৰাৰ্থীসকলৰ নথি- পত্ৰ পৰীক্ষণৰ কাম যোৱা ২০ মাৰ্চৰ পৰা ১১ এপ্ৰিললৈ সম্পন্ন হৈ গ'ল। যিসকল তালিকাভুক্ত প্রার্থীয়ে পৰীক্ষণৰ সময়ত আহিব পৰা নাছিল তেওঁলোকৰ বাবে পুনৰ অহা ১৪ জুলাই দিনটো ঠিক কৰা হৈছে। দ্বিতীয় পৰ্যায়ৰ নথি-পত্ৰ পৰীক্ষাৰ সময়ত যিসকলে উপস্থিত থাকিব নোৱাৰিলে তেওঁলোকে ১১ আৰু ১২ জুলাইত একেটা স্থানতে নথি-পত্ৰ পৰীক্ষণৰ বাবে উপস্থিত থাকিব পাৰিব। বৰাক উপত্যকাৰ প্ৰাৰ্থীসকলেও ১১ আৰু ১২ জুলাইত উপস্থিত থাকিব পাৰিব। আনহাতে কোনো প্রার্থীয়ে আপত্তি তুলিছে যে তেওঁলোকতকৈ কম নম্বৰ থকা প্ৰাৰ্থীৰ নথি পৰীক্ষণৰ বাবে মতা হৈছে। সেয়েহে যিসকলৰ আপত্তি আছে তেওঁলোকক কি কি কাৰণত নথি পৰীক্ষণলৈ মতা নহ'ল সেই কথা ১৮ আৰু ১০ জুলাইত প্রাথমিক শিক্ষা সঞ্চালকালয়ত উপস্থিত হৈ নিজৰ সন্দেহ দূৰ কৰাৰ সুযোগ দিয়া হৈছে বুলি প্রাথমিক শিক্ষা সঞ্চালকে জানিবলৈ দিয়ে।