মুখ ঢাকি কথা ক'লেই ৰঙা কাৰ্ড, বিশ্ব কাপ ফুটবলত নতুন নিয়ম

dainik janambhumi May 01, 2026

ডিজিটেল ডেস্ক : ফুটবল খেল চলাকালীন সময়ত সতীর্থ বা প্রতিপক্ষৰ সৈতে কথা পাতি থাকোঁতে খেলুৱৈয়ে হাতেৰে মুখ ঢাকি ৰখাটো পৰিচিত দৃশ্য হয়। ইয়াৰ ফলত তেওঁলোকে কি কৈছে সেয়া বুজিবলৈ কঠিন হৈ পৰে। বহুতে অভিযোগ কৰে যে ফুটবলাৰে মুখ ঢাকি অশ্লীল অথবা বর্ণবাদী ভাষা ব্যৱহাৰ কৰে। এনে ঘটনা যাতে নঘটে তাৰ বাবে এইবাৰৰ বিশ্ব কাপত নতুন নিয়ম প্ৰৱৰ্তন কৰা হৈছে। 

ফুটবলৰ আইন প্রণয়নকাৰী সংস্থা ইণ্টাৰনেশ্যনেল ফুটবল এছ'চিয়েশ্যন ব'র্ড বা আই এফ এ বিয়ে জানিবলৈ দিয়া মতে, খেলৰ সময়ত যদি কোনো ফুটবলাৰে হাতেৰে মুখ ঢাকি ৰাখে তেন্তে ৰেফাৰীয়ে ইচ্ছা কৰিলে তেওঁক ৰঙা কার্ড দেখুৱাব পাৰে। আই এফ এ বিয়ে কয় যে ফেব্ৰুৱাৰী মাহত সংস্থাটোৰ বাৰ্ষিক সাধাৰণ সভাত এই বিষয়টো আলোচনা কৰা হৈছিল। বিশ্ব ফুটবলৰ নিয়ামক সংস্থা ফিফাই এই প্রস্তাৱ দিছিল। 

ইয়াক গ্রহণ কৰা হৈছে আৰু ফিফাক জনোৱা হৈছে। যদি কোনো ফুটবলাৰে মেচৰ সময়ত কথা কওঁতে হাতেৰে মুখ ঢাকি ৰাখে তেন্তে ৰেফাৰীয়ে ইচ্ছা কৰিলে ৰঙা কার্ড দেখুৱাব পাৰিব। আন এটা নিয়মো প্ৰৱৰ্তন কৰিবলৈ ওলাইছে ফিফাই। খেলৰ সময়ত ৰেফাৰীৰ সিদ্ধান্তৰ প্রতিবাদত কোনোবাই খেলপথাৰ এৰিলে ৰেফাৰীয়ে তেওঁক ৰঙা কার্ড দেখুৱাব পাৰে।

Share This