মোদীয়ে পুটিনক উপহাৰ দিলে অসমৰ চাহ, দেশৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিফলন

dainik janambhumi December 07, 2025

ডিজিটেল ডেস্ক : ভাৰতৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য প্রতীকীভাৱে প্রতিফলিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক তেওঁৰ ভাৰত ভ্ৰমণৰ সময়ত নিৰ্বাচিত উপহাৰৰ টোপোলা প্ৰদান কৰে। 

এই উপহাৰৰ ভিতৰত আছে অসমৰ চাহ (ব্লেক টী), মুৰ্ম্মিদাবাদৰ ৰূপৰ টী ছেট, হস্তনির্মিত ৰূপৰ ঘোঁৰা, আগ্ৰাৰ মাৰ্বলৰ চেছ বা দবাৰ ছেট, কাশ্মীৰী কেশৰ (ছেফ্রন) আৰু শ্রীমদ্ভাগৱত গীতাৰ ৰুছ অনুবাদ। সাৰুৱা অসমৰ সাৰুৱা ব্ৰহ্মপুত্ৰ উপত্যকাত হোৱা অসমৰ ব্লেক টী মূলতঃ সুগন্ধি আৰু উজ্জ্বল ৰঙৰ বাবে খ্যাত। ২০০৭ চনত জি আই টেগ লাভ কৰা এই অসমৰ ব্লেক টীৰ যিদৰে ঐতিহ্য আছে, তেনেদৰে আছে স্বাস্থ্যৰ বাবে হিতকাৰী গুণ। 

ইয়াৰ লগতে মোদীয়ে উপহাৰ দিলে ভাৰত-ৰাছিয়াৰ মাজৰ গভীৰ সাংস্কৃতিক সম্পর্কক প্রতীকীৰূপত খোদিত কৰা মুর্শিদাবাদৰ ৰূপৰ টী ছেট। হস্তনির্মিত মহাৰাষ্ট্ৰৰ ৰূপৰ ঘোঁৰাত ধাতু শিল্পত ভাৰতৰ নৈপুণ্যৰ উপৰি মৰ্যাদা আৰু বীৰত্বৰ প্ৰকাশ ঘটিছে। তেনেদৰেই আগ্ৰাৰ মাৰ্বলৰ চেছৰ ছেটেও উত্তৰ ভাৰতৰ শৈল্পিক দক্ষতা প্রকাশ কৰিছে। 'ৰঙা সোণ' ৰূপে খ্যাত কাশ্মীৰৰ কেশৰৰ আছে ৰন্ধন আৰু ঔষধীয় গুৰুত্ব। এই সকলো উপহাৰৰ ভিতৰত সর্বোত্তম বুলি বিবেচিত হৈছে ৰুছ ভাষালৈ অনূদিত শ্রীমদ্ভাগবৱত গীতা। '

Share This