অসমৰ প্ৰথম গৰাকী শ্বহীদ সাংবাদিক  কমলা শইকীয়াৰ আজি  ৩২ সংখ্যক মৃত্যু বাৰ্ষিকী।

Jyoti Borah August 09, 2023

ডিজিটেল  ডেস্ক: ৩২ সংখ্যক মৃত্যু বাৰ্ষিকীৰ উপলক্ষত এই বাৰ সাংবাদিক গৰাকীৰ জন্মস্থান শিৱসাগৰ জিলাৰ দিখৌমুখত কেন্দ্ৰীয়ভাবে  শ্ৰদ্ধাঞ্জলি আৰু স্মাৰক বক্তৃতানুষ্ঠাৰ আয়োজন কৰিছে।

১৯৯১ চনৰ ৯ আগষ্টত উগ্ৰপন্থীৰ গুলীত নিহত হৈছিল অসমৰ প্ৰথম গৰাকী শ্বহীদ সাংবাদিক  কমলা শইকীয়াৰ। দিখৌমুখস্থিত সমাধিক্ষেত্ৰত শ্ৰদ্ধাঞ্জলী অনুষ্ঠান সমাপন কৰাৰ লগতে  দিখৌমুখ ভৰলুৱা তিনি আলিৰ আৱক্ষ মূৰ্তিত বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন হয় ।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে দিখৌমুখ মিলিত শিল্পী সমাজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় স্মাৰক বক্তৃতানুষ্ঠান আৰু সম্বৰ্ধনা অনুষ্ঠানৰ। 

গুৱাহাটীৰ জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ কুমাৰ ফুকনৰ পৌৰোহিত্যত অনুষ্ঠিত স্মাৰক বক্তৃতানুষ্ঠাৰ অনুষ্ঠানত তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাজতত্ব বিভাগৰ অধ্যাপক ড০ চন্দন কুমাৰ শৰ্মাই বক্তৃতা কৰে। অনুষ্ঠানত
প্ৰৱীণ সাংবাদিক তথা শিৱসাগৰ ছোৱালী কলেজৰ প্ৰাক্তন অধ্যক্ষ সোনাৰাম বৰুৱা,   দিখৌমুখ সাহিত্য সভাৰ সভাপতি গণেশ শইকীয়া, গুৱাহাটী প্ৰেছ ক্লাৱৰ উপসভাপতি যতীন ভাগৱতী, সাংবাদিক ইকবাল আহমেদ। বিশিষ্ট সাংবাদিক পংকজ দুৱৰা উপস্থিত থাকে।

পোণ প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয়ভাবে আয়োজিত এই অনুষ্ঠানৰ স্মাৰক বক্তৃতানুষ্ঠানত বিংশতিতম বক্তৃতা প্ৰদান কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাজতত্ব বিভাগৰ অধ্যাপক ড০ চন্দন কুমাৰ শৰ্মাই | 

উক্ত অনুষ্ঠানতে জ্যেষ্ঠ সাংবাদিক তথা শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সোণাৰাম বৰুৱাক ন্যাসৰ তৰফৰ পৰা  আনুষ্ঠানিক ভাবে সন্মান জনোৱাৰ উপৰি  উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা একোগৰাকী শিক্ষাৰ্থীক সাংবাদিক কমলা শইকীয়া সোঁৱৰণি শৈক্ষিক বঁটা প্ৰদান কৰা হয় । অনুষ্ঠানৰ লগত সংগতি ৰাখি  স্মাৰক গ্ৰন্থও উন্মোচন হয়।
 

Share This