ৰোহিতক অতিক্ৰম কৰিলে সূৰ্যকুমাৰে

Jyoti Borah August 10, 2023

ডিজিটেল ডেস্ক:  ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ প্ৰথম দুখন খেলত লজ্জাজনক পৰাজয়ৰ পাছত ভাৰতে  মঙলবাৰে তৃতীয় খেলত প্ৰত্যাৱৰ্তন ঘটায়৷ সূৰ্যকুমাৰ যাদৱ আৰু তিলক বাৰ্মাৰ আকৰ্ষণীয় ইনিংছৰ সহায়ত ভাৰতে জয়ৰ মুখ দেখে ৷ খেলখনত দলৰ জয়ৰ লগতে সূৰ্যকুমাৰে এক ডাঙৰ ৰেকৰ্ড নিজৰ নামত লিপিবদ্ধ কৰে৷ মঙলবাৰৰ খেলখনত ৱেষ্ট ইণ্ডিজে প্ৰথমে বেট ধৰি ব্ৰেভন সিং আৰু ৰভমান পাবেলৰ ইনিংছৰ জৰিয়তে ভাৰতৰ সমুখত ১৬০ ৰানৰ লক্ষ্য বান্ধি দিয়ে৷ কঠিন পিট্‌চত এই লক্ষ্য অনুসৰণ কৰিবলৈ নামি পুনৰ ব্যৰ্থ হয় ভাৰতীয় অ’পেনিং যুটি৷ আন্তৰ্জাতিক টি-২০ ক্ৰিকেটত প্ৰথম মেচ খেলা যশস্বী জয়ছোৱাল আৰু শুভমন গীল দুয়োগৰাকীয়েই ব্যৰ্থ হয়৷ দলক সেই বিপৰ্যয়ৰ পৰা উদ্ধাৰ কৰে সূৰ্যকুমাৰে৷ দীৰ্ঘ দিন ধৰি ফৰ্মৰ অভাৱত ভুগি থকা সূৰ্যকুমাৰে মাথোঁ ২৩টা বলত অৰ্ধশতৰান কৰাৰ পাছত মূৰকত ৪৪টা বলত ৮৩ ৰান কৰি দলৰ জয় নিশ্চিত কৰি আউট হয়৷ খেলৰ অন্তত মেন অব্‌ দ্য মেচৰ সন্মান দিয়া হয় সূৰ্যকুমাৰক৷ সূৰ্যকুমাৰৰ এয়া আছিল টি-২০ ক্ৰিকেটত কেৰিয়াৰৰ দ্বাদশ মেন অব্‌ দ্য মেচৰ সন্মান৷ উল্লেখযোগ্য যে ভাৰতৰ হৈ টি-২০ আন্তৰ্জাতিক সৰ্বাধিক মেন অব্‌ দ্য মেচৰ পুৰস্কাৰ লাভ কৰা তালিকাৰ শীৰ্ষ স্থানত আছে বিৰাট কোহলী৷ কোহলীৰ নামত আছে ১১৫খন খেলত ১৫টা মেন অব্‌ দ্য মেচৰ পুৰস্কাৰ৷ সেই ক্ষেত্ৰত মঙলবাৰে ৰোহিত শৰ্মাক অতিক্ৰম কৰি সূৰ্যকুমাৰে তালিকাৰ দ্বিতীয় স্থানলৈ আগবাঢ়ে৷ সূৰ্যকুমাৰে মাত্ৰ ৫১খন টি-২০ ক্ৰিকেটত ১২বাৰ মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ সমান লাভ কৰিছে৷ আনহাতে, ৰোহিতে ১৪৮ খন খেলৰ পৰা ১১বাৰ প্লেয়াৰ অব্‌ দ্য মেচৰ পুৰস্কাৰ গোটাই আছে  ৷

Share This