আমেৰিকান কর্মী চাৰ্লী কিৰ্কৰ ৰিপাব্লিকান দলৰ হত্যাকাৰীক গ্ৰেপ্তাৰ

dainik janambhumi September 13, 2025

ডিজিটেল ডেস্কঃ ৰিপাব্লিকান দলৰ কৰ্মী তথা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ অন্যতম ঘনিষ্ঠ সহযোগী চালী কির্কক বুধবাৰে উটাহ মহাবিদ্যালয়ৰ এটা অনুষ্ঠানত অচিনাক্ত দুর্বিত্তই গুলীয়াই হত্যা কৰিছিল। মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে শুকুৰবাৰে কয় যে ৰিপাব্লিকান কর্মী চালী কির্কক হত্যা কৰাৰ সন্দেহত উটাহৰ ২২ বছৰীয়া টাইলাৰ ৰবিনচনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

উটাহৰ গৱৰ্নৰ জে স্পেনছাৰ জে কক্সে কয় যে কিৰ্কক হত্যা কৰাৰ সন্দেহত ৰবিনচনক গ্ৰেপ্তাৰ কৰা হয়। সন্দেহযুক্ত হত্যাকাৰী ৰবিনচনে ৰাজনৈতিকভাৱে প্ৰৰোচিত হৈ ৰিপাব্লিকান কর্মী কিৰ্কক হত্যা কৰিলে বুলি সন্দেহ প্রকাশ কৰিছে উটাহৰ গৱৰ্নৰজনে। 

সন্দেহযুক্ত হত্যাকাৰী ৰবিনচনৰ পৰা গুলীভর্তি এটা ৰাইফলো উদ্ধাৰ কৰা হৈছে। এই ৰাইফলটো কিৰ্কক হত্যা কৰাৰ কাৰ্যত ব্যৱহাৰ কৰিছিল বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। ধৃত ৰবিনচনক আৰক্ষীয়ে বৰ্তমান জেৰা কৰি আছে।

Share This