ডিজিটেল ডেস্ক : গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্রাণীবিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, লেখুক, প্রকৃতিপ্রেমী, বিশিষ্ট প্রাণীতত্ত্ববিদ ড অমৰেন্দ্ৰ নাথ দত্তৰ এখন গ্রন্থ বিদেশত সমাদৃত হৈছে। ড দত্তই দুষ্প্রাপ্য সোণালী বান্দৰৰ বিষয়ে বিস্তৃতভাৱে গৱেষণা কৰি পি এইচ ডি লাভ কৰিছিল। তেওঁ এই সোণালী বান্দৰৰ বিষয়ে 'Monograph on golden langure' শীর্ষক গ্ৰন্থখন ৰচনা কৰে। এই গ্ৰন্থখনে নিজৰ দেশৰ ভিতৰতে আবদ্ধ নাথাকি বিদেশত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।
গ্ৰন্থখনৰ বিষয়বস্তুৰ প্ৰতি লক্ষ্য ৰাখি আমেৰিকাৰ নিব্রাস্কা বিশ্ববিদ্যালয়, ইংলেণ্ডৰ কেম্ব্রিজ আৰু অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগত গ্ৰন্থখন সংৰক্ষণ কৰি ৰাখিছে। তদুপৰি এই মূল্যৱান গ্ৰন্থখন ছুইজাৰলেণ্ডৰ ICUNৰ কেন্দ্ৰীয় পুথিভঁৰালত সংৰক্ষণ কৰি ৰাখিছে। উক্ত বিশ্ববিদ্যালয় কর্তৃপক্ষই এই মূল্যৱান গ্ৰন্থখনৰ কাৰণে ড° অমৰেন্দ্ৰ নাথ দত্তক শলাগ লৈ কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে তেওঁলৈ শুভেচ্ছা বার্তা প্ৰেৰণ কৰিছে।
উল্লেখযোগ্য যে পৃথিৱীৰ অতি পুৰণি বান্দৰৰ এই প্ৰজাতিটো অকল অসমতে পোৱা যায়। এইবিধ দুষ্প্রাপ্য সোণালী বান্দৰ বি টি আৰৰ চক্ৰশিলা অভয়াৰণ্যত পোৱা যায়। ড দত্তই উক্ত গ্রন্থখনত বিলুপ্তিৰ দিশে গতি কৰা সোণালী বান্দৰৰ বিষয়ে তথ্যসহ বর্ণনা কৰিছে।