কৰ্কটকে ধৰি কেইবাটাও ক্ষয়ংকৰী ৰোগ সন্দৰ্ভত হ'ব গৱেষণা, দেশৰ ২০খন এইমছৰ মাজত বুজাবুজিৰ চুক্তি

dainik janambhumi February 02, 2026

ডিজিটেল ডেস্ক : দেশৰ স্বাস্থ্য খণ্ডৰ বিকাশ অধিক ত্বৰান্বিত কৰাৰ লক্ষ্যৰে ২০খনকৈ এইমছে (অখিল ভাৰতীয় চিকিৎসা বিজ্ঞান প্রতিষ্ঠান) সংযুক্ত ৰূপত বিভিন্ন বিষয়ৰ গৱেষণা আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। এই গৱেষণাত কৃত্রিম বুদ্ধিমত্তা (এআই)ৰ পৰা কৰ্কট ৰোগলৈকে বহু গুৰুত্বপূৰ্ণ বিষয় অন্তর্ভুক্ত হ'ব। 

নতুন দিল্লীত এইমছৰ সঞ্চালকসকলৰ এখন বৈঠকত এই সিদ্ধান্ত লোৱা হয়। বৃহস্পতিবাৰে ২০খনকৈ এইমছৰ শীর্ষ বিষয়াবৰ্গৰ মাজত যুটীয়া গৱেষণা সন্দৰ্ভত এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰ হয়। 

এইমছৰ এই কনছৰটিয়ামত এইমছ দিল্লীৰ উপৰি গুৱাহাটী, ভাতিণ্ডা, ভূপাল, ভুৱনেশ্বৰ, জম্মু, যোধপুৰ, নাগপুৰ, ৰায়বেৰেলি, ৰাজকোট আদিও জড়িত হৈ আছে। এই যুটীয়া গৱেষণাত এ আইৰ জৰিয়তে ৰোগৰ চিকিৎসা, কম খৰচত কৰ্কট ৰোগৰ চিকিৎসা, হস্পিটেলত বিভিন্ন ৰোগৰ সংক্ৰমণ ৰোধ কৰা আদি বিষয় অন্তর্ভুক্ত হ'ব।

Share This