ৰিজার্ভ বেংকৰ স্বৰ্ণভাণ্ডাৰৰ পৰা বিক্রী ১.১৪ লাখ কোটি টকাৰ সোণ

dainik janambhumi June 03, 2026

ডিজিটেল ডেস্ক : মধ্য প্রাচ্যত চলি থকা উত্তেজনা আৰু হৰমুজ প্রণালী বন্ধ হৈ থকাৰ ফলত ভাৰতীয় অর্থনীতি আৰু বিদেশী মুদ্রা ভাণ্ডাৰক বচোৱাৰ বাবে ভাৰতীয় ৰিজার্ভ বেংকে ইয়াৰ স্বৰ্ণ ভাণ্ডাৰৰ এটা অংশ বিক্ৰী কৰিছে। ব্লুমবার্গ ইকনমিক্সে এখন প্রতিবেদনত এই কথা প্রকাশ কৰে। ব্লুমবার্গ ইকনমিক্সৰ জ্যেষ্ঠ অর্থনীতিবিদ অভিষেক গুপ্তাই প্রকাশ কৰা মতে, আৰ বি আয়ে যোৱা ২২ মে'ত অন্ত পৰা দুটা সপ্তাহৰ ভিতৰত ইয়াৰ স্বৰ্ণভাণ্ডাৰৰ পৰা প্ৰায় ১২০০ কোটি ডলাৰৰ, অৰ্থাৎ প্রায় ১.১৪ লাখ কোটি টকাৰ সোণ বিক্ৰী কৰে। এই সময়ছোৱাত কেন্দ্রীয় বেংকটোরে ৭৫০০ কোটি ডলাৰৰ মুদ্রা সম্পত্তি (মনিটেৰী এছেছ) ক্রয় কৰে। এই মুদ্রা সম্পত্তিৰ ভিতৰত বিদেশী মুদ্রা, চৰকাৰী ছিকিউৰিটি, নগদ ধন আদিও আছে। আৰ বি আয়ে গোপনে এই সোণখিনি বিক্ৰী কৰে আৰু এতিয়ালৈকে এই প্রসংগত আনুষ্ঠানিকভাৱে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

প্রতিবেদনখনত কোৱা হৈছে যে চৰকাৰে মূল্যৱান ধাতুৰ আমদানি শুল্ক বৃদ্ধি কৰা সত্ত্বেও আৰ বি আইৰ সোণৰ ভাণ্ডাৰৰ মূল্য হ্রাস পোৱা দেখা পোৱা গৈছে। সাধাৰণতে আমদানি শুল্ক বৃদ্ধি কৰাৰ পাছত বেংকৰ মূল্যৱান ধাতু আৰু ডলাৰৰ মূল্য বৃদ্ধি পাব লাগে, কিন্তু এইবাৰ তেনে হোৱা দেখা নাই। ইয়াৰ পৰা স্পষ্ট ইংগিত পোৱা গৈছে যে আৰ বি আয়ে স্বর্ণ ভাণ্ডাৰৰ সোণ বিক্ৰী কৰিলে। আৰ বি আই-এ ঘাইকৈ তিনিটা কাৰণত সোণ বিক্ৰী কৰিবলৈ বাধ্য হয়। ইয়াৰে প্ৰথমটো কাৰণ হ'ল হৰমুজ প্রণালী বন্ধ হৈ থকাৰ ফলত বিশ্বৰ বজাৰত খাৰুৱা তেলৰ দাম আকাশলংঘী হয়। তেল আমদানিত ভাৰত বিশ্বৰ ভিতৰত তৃতীয় স্থানত আছে। ফলত খাৰুৱা তেল আমদানিত বিদেশী মুদ্রা ভাণ্ডাৰ দ্রুত গতিত ব্যয় হ'বলৈ ধৰে। আনহাতে, টকাৰ মূল্য হ্রাস প্ৰতিৰোধ কৰাটো আৰ বি আইৰ বাবে প্রত্যাহ্বানমূলক হৈ পৰে। ভাৰতৰ কাৰেণ্ট একাউণ্ট ডেফিচিট বৃদ্ধিয়ে টকাত চাপ বৃদ্ধি কৰে। ডলাৰৰ তুলনাত ভাৰতীয় টকাৰ মূল্য দ্রুত গতিত হ্রাস পাই।

ইফালে, আৰ বি আয়ে বৰ্তমানৰ পৰিস্থিতিত সোণতকৈ মার্কিন ডলাৰৰ দৰে তৰল বিদেশী মুদ্রাক অধিক গুৰুত্ব দিয়ে যাতে বজাৰত সুস্থিৰতা অব্যাহত থাকে। ব্লুমবার্গৰ প্ৰতিবেদনখনত উল্লেখ কৰা মতে, আৰ বি আইৰ গভৰ্নৰ সঞ্জয় মালহোত্রাই টকাৰ মূল্য স্থিৰ কৰি ৰখাৰ বাবে সুতৰ হাৰ বৃদ্ধি কৰা আৰু বিদেশী বিনিয়োগকাৰীৰ পৰা ডলাৰ সংগ্ৰহ কৰাকে ধৰি বিভিন্ন উপায়ৰ বিষয়ে বিবেচনা কৰি আছে। শেহতীয়াকৈ গ্ৰহণ কৰা ব্যৱস্থাৰ ফলত টকাৰ মূল্যই যোৱা ২০ মে'ত অভিলেখৰ সৃষ্টি কৰাৰ পাছত টকাই এছিয়াৰ আন মুদ্রাৰ তুলনাত ভাল প্রদর্শন কৰি আছে। প্রতিবেদনখনৰ মতে, মাৰ্চৰ শেহলৈকে আৰ বি আইৰ হাতত ৮৮০.৫২ মেট্রিক টন সোণ মজুত আছে। ইয়াৰে ৭৭% ঘৰুৱা ভঁৰালত ৰখা হৈছে। ছয় মাহৰ আগতে ভাৰতত ৬৬% সোণহে আছিল। বাকী অংশ 'বেংক অব ইংলেণ্ড' আৰু 'বেংক ফৰ ছেটলমেন্টছ'ত সুৰক্ষিত অৱস্থা আছে।

Share This