ৰেপো ৰেট ৫০ পইণ্ট কৰ্তন ৰিজাৰ্ভ বেংকৰ 

dainik janambhumi June 08, 2025

ডিজিটেল ডেস্ক : ভাৰতীয় ৰিজার্ভ বেংকে (আৰ বি আই) গৃহ ঋণ লোৱাসকলৰ বাবে সুখবৰ দি ৰেপো ৰেট ৫০ বেছিছ পইন্ট কর্তন কৰে। ইয়াৰ ফলত ৰেপো ৰেট ৫.৫০% হয়গৈ। ইয়াৰ ফলত বেংকসমূহে কম সুতৰ হাৰত ভাৰতীয় ৰিজার্ভ বেংকৰ পৰা ঋণ লাভ কৰিব। আৰ বি আয়ে শুকুৰবাৰে লোৱা সিদ্ধান্তৰ ফলত গৃহ ঋণকে ধৰি বিভিন্ন ঋণৰ সুতৰ হাৰ হ্রাস পাব। ইয়াৰ লগতে ঋণৰ মাহেকীয়া কিস্তিও (ই এম আই) হ্রাস পোৱাৰ সম্ভাৱনা আছে। 

আৰ বি আইৰ মুদ্রা নীতি কমিটীৰ শনিবাৰে সামৰণি পৰা বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়। উল্লেখযোগ্য যে চলিত বছৰত ৰেপো ৰেট তিনিবাৰ হ্ৰাস কৰা হয়। ফেব্ৰুৱাৰীত ৰেপো ৰেট ৬.৫%ৰ পৰা হ্রাস কৰি ৬.২৫% কৰা হৈছিল। ইয়াৰ পাছত এপ্রিলত ০.২৫% হ্রাস কৰি ৬.০০% কৰা হয়। আৰু আজি ০.৫০% হ্রাস কৰাৰ ফলত ৰেপো বেট প্রথমবাৰৰ বাবে ৬%ৰ তললৈ নামে। ইফালে ৰেপো ৰেট হ্রাস কৰাৰ ফলত গৃহ আৰু গাড়ীৰ বাবে লোৱা ঋণ আদিত সুতৰ হাৰ হ্রাস পাব। ইয়াৰ ফলত ঘৰৰ চাহিদা বৃদ্ধি পাব বুলি আশা কৰা হৈছে। 

আৰ বি আইৰ গভর্নৰ সঞ্জয় মালহোত্রাই কয় যে কেছ ৰিজার্ভ ৰেচিঅ' (চি আৰ আৰ) ১% হ্রাস কৰি ৪%ৰ পৰা ৩% কৰা হয়। আৰ বি আয়ে লোৱা এই পদক্ষেপৰ ফলত বিত্তীয় ব্যৱস্থালৈ ২.৫ লাখ কোটি টকা আহিব। আৰ বি আয়ে চলিত বিত্তীয় বৰ্ষত দেশৰ উন্নয়নৰ হাৰ ৬.৫% অপৰিৱৰ্তিত ৰাখিছে।

Share This