ডিজিটেল ডেস্ক : ৰাজ্য কাঁপাই যোৱা নলবাৰীৰ গংগাপুৰৰ লাভ জেহাদ কাণ্ডৰ প্ৰতিক্রিয়া আজিও মাৰ যোৱা নাই। এই কাণ্ডত মৃত্যুক আঁকোৱালি লোৱা মাধুৰ্য বৰ্মনৰ পৰিয়ালবৰ্গই দুখ-শোকেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে যদিও মাধুৰ্যৰ পিতৃ হৰিচন্দ্ৰ বৰ্মনে বাৰম্বাৰ একেই কথাকে কৈ আহিছে যে এই ঘটনাই যেন শেষ ঘটনা হয়, তাৰ বাবেই কাতৰ অনুৰোধ। বৰ্মনৰ বাসগৃহত আজিও বহু লোকৰ সমাগম হয়। কোনোবাই যদি পিতৃক সান্ত্বনা দিছে, কোনোবাই মাতৃক জীয়াই থাকিব লাগিব বুলি সান্ত্বনা দিছে।
মাধুৰ্যৰ সপোন সপোন হৈয়ে ৰ'ল। মাধুৰ্যই চলোৱা চাইকেলখন আৰু তেওঁ বজোৱা বাঁহীটো চাই চাই চকুলো নিগৰিছে দুৰ্ভগীয়া মাতৃৰ। আনহাতে প্রেমিক ৰ'জ আলী এনকাউন্টাৰত নিহত হ'ব লগীয়া হোৱাত আজিও পিতৃ-মাতৃ নিজৰ ঘৰলৈ যাবলৈ সাহস গোটাব পৰা নাই। আজিও হত্যাকাৰী ৰ'জৰ গৃহ গাঁৱত সামৰিক বাহিনীয়ে পহৰা দি থাকিব লগীয়া হৈছে। মাধুর্য বৰ্মনৰ গৃহ গাঁও চামতাৰ দৰে আজিও ৰ'জৰ গৃহ গাঁৱত পৰিৱেশ নিমাওমাও। ঘটনাৰ মূল প্রেয়সী মৃদুমুদ্রা চিকিৎসাধীন হৈ মৃত্যু যন্ত্রণাত চটফটাই আছে গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত।
লক্ষণীয় কথা এই যে হত্যাকাৰী ৰ'জৰ বাসগৃহত এতিয়ালৈ কোনো সদস্য নাই আৰু গাঁওখনৰ ৰাইজে তেওঁলোকক এই কুকামত বৰ্জন কৰাৰ বিপৰীতে মাধুৰ্য বৰ্মনৰ বাসগৃহত বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়ে খবৰ ল'বলৈ যোৱা দেখা যায়। উল্লেখযোগ্য যে মাধুর্য বর্মন চামতা আঞ্চলিক ক্রীড়া সংঘ, বিহু সমিতিকে ধৰি বহু অনুষ্ঠানত জড়িত হৈ আছিল। কালি ভাৰতৰ গণতান্ত্রিক যুৱ ফেডাৰেশ্যনৰ নেতা-কর্মী তেওঁৰ বাসগৃহত উপস্থিত হৈ শোক বার্তা পিতৃৰ হাতত অৰ্পণ কৰি কয় যে অভিভাৱক আৰু ৰাইজ যদি সজাগ নহয় এই ঘটনা কেতিয়াও মাৰ নাযায়। উল্লেখযোগ্য যে মাধুৰ্যৰ গৃহ গাঁও চামতাৰ ভকত চুবুৰিতো শোকৰ বন্যা হৈছে। কোনেও মানি ল'ব পৰা নাই এই ভয়ংকৰ ঘটনাক।