ডিজিটেল ডেস্ক : কংগ্ৰেছ দলে ১৯৯৬ চনৰ পৰা ২০১০ চনলৈকে লোক সভাত সংখ্যাগৰিষ্ঠ দল হোৱাৰ পাছতো আৰু সেই সময়ৰ প্ৰধান বিৰোধী দল বিজেপিৰ পূৰ্ণ সমর্থন থকাৰ পাছতো মহিলা সংৰক্ষণৰ বিলখন লোক সভাত গৃহীত কৰিব নোৱাৰিলে। কালি কংগ্ৰেছৰ মহিলা বিৰোধী চৰিত্ৰ সদন ত্যাগৰ জৰিয়তে পুনৰবাৰ প্ৰমাণ কৰিলে, কংগ্রেছে এই বিলখন ১৯৯৬ চনৰ পৰা ২০১০ চনলৈকে বিৰোধিতা কৰিছিল আৰু আজিও কৰিছে।'
কালি মহিলাৰ বাবে বিধানসভাত এক তৃতীয়াংশ আসন সংৰক্ষণৰ বাবে মন্ত্ৰী অজন্তা নেওগে উত্থাপন কৰা সংকল্প প্ৰস্তাৱৰ বিতৰ্কত অংশগ্ৰহণ কৰি এইদৰেই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই কংগ্ৰেছ দলক প্রত্যক্ষভাৱে তীব্র আক্রমণেৰে থকা-সৰকা কৰে। এই প্ৰসংগতে উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ পূৰ্বৰ বক্তা হিচাপে সদনত নিজৰ বক্তব্য আগবঢ়াই বিজেপিৰ বিধায়ক ভুৱন পেগুৱে মহিলা সংৰক্ষণ বিধেয়ক বিজেপিয়ে অনা নাই সংবিধানেহে আনিছে বুলি মন্তব্য কৰি কয় যে এই বিধেয়কক বিৰোধিতা কৰা বিৰোধী বিধায়কসকল সংবিধান বিৰোধী। বিধায়ক ভুৱন পেগুৱে বিৰোধীলৈ আঙুলি টোঁৱাই কৰা এই মন্তব্যত সদনত তীব্র বাক-বিতণ্ডাৰ সৃষ্টি হয় আৰু উত্তেজিত বিৰোধী সদস্যসকলে থিয় দি পেগুৰ এই মন্তব্যৰ প্ৰতিবাদ কৰে আৰু অধ্যক্ষৰ পৰা এই সম্পৰ্কত স্পষ্টীকৰণ বিচাৰে।
সদনত চলি থকা এই হুলস্থুলীয়া পৰিৱেশৰ মাজতে নিজৰ বক্তব্য আগবঢ়াবলৈ থিয় হয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। মুখ্যমন্ত্রীজনে উত্তেজিত বিৰোধীক কটাক্ষ কৰি কয় যে আমাৰ ১০২জন সদস্য আছেই, গতিকে আপোনালোকে বাহিৰত গৈ ৰেষ্ট লওক। লগে লগেই বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰীক প্রত্যাক্ৰমণ কৰি কয় যে আপোনাক সেয়েহে মানুহে হিটলাৰ বুলি কয়। ইয়াৰ লগে লগেই বিৰোধী বিধায়কসকলে সদন ত্যাগ কৰে। ইয়াৰ পাছতে বক্তব্য আগবঢ়াই মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কংগ্রেছলৈ আজি দিল্লীৰ পৰা নিৰ্দেশ আহিছে যে মহিলা সংৰক্ষণৰ সংকল্প প্ৰস্তাৱ গৃহীত কৰাৰ সময়ত আঁতৰি থাকিব লাগে আৰু সেয়েহে এনে এক পৰিস্থিতিৰ সৃষ্টি কৰি কংগ্ৰেছে সদন ত্যাগ কৰিলে। মুখ্যমন্ত্রীজনে 'মই কংগ্রেছত থকা হ'লে এনে এক গুৰুত্বপূৰ্ণ বিষয়ত মোক মাৰিলেও সদনৰ পৰা উঠি নগ'লোঁহেঁতেন' বুলি মন্তব্য কৰে।
মুখ্যমন্ত্ৰীয়ে কয় যে এই প্ৰস্তাৱিত আইনখনৰ ৫টা মূল ধাৰা আছে আৰু সেইকেইটা হ'ল-মহিলাৰ বাবে ৩৩% আসন সংৰক্ষিত হ'ব। লোকপিয়ল শেষ হোৱাৰ পাছতহে আইনখন কাৰ্যকৰী হ'ব। লোকপিয়ল শেষ হোৱাৰ পাছত সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব আৰু এই প্রক্রিয়াটো শেষ হোৱাৰ পাছতহে আইনখন বলৱৎ হ'ব। এই প্রসংগতে উল্লেখযোগ্য যে কালি এই বিতৰ্কত অংশ লৈ বিৰোধীৰ কেইবাজনো বিধায়কে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত মহিলাৰ বাবে ৩৩% আসন সংৰক্ষণ বিজেপিৰ এক ৰাজনৈতিক চাল বুলি মন্তব্য কৰিছিল। বিৰোধী বিধায়ক অখিল গগৈয়ে মন্তব্য আগবঢ়াই আনকি কৈছিল যে মহিলাৰ বাবে ৫০% আসন সংৰক্ষণ হওক আৰু আজিৰ পৰাই হওক।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই তেওঁৰ ভাষণত কংগ্ৰেছক ক্ষুৰধাৰ আক্ৰমণ কৰি কয় যে অসম বিধানসভাৰ নতুন ভৱনটোৱেই ১৬০গৰাকী সদস্য বহিব পৰাকৈ বনোৱা হৈছিল আৰু এই ভৱনটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল ২০০৬-০৭ চনত। কাৰণ তেতিয়াৰ বিধানসভাৰ অধ্যক্ষ টংক বাহাদুৰ ৰায় আৰু মুখ্যমন্ত্রী তৰুণ গগৈয়ে জানিছিল যে মহিলাৰ বাবে আসন সংৰক্ষণ হ'ব। মুখ্যমন্ত্রীয়ে লগতে কয় যে ১৬০গৰাকী সদস্যৰ বাবে এই ডাঙৰ বিধানসভা মই বা বিজেপিয়ে নিৰ্মাণৰ পৰিকল্পনা কৰা নাছিলোঁ, মই মাত্র নির্মাণকার্য সম্পূৰ্ণ কৰিছোঁ। মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পাছতেই সদনে এই সংকল্প প্রস্তাৱ গৃহীত কৰে। বিৰোধী বিধায়ক নুৰুল হুদাই সংশোধনী প্রস্তাৱ আনিছিল যে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বেই আজিৰে পৰাই মহিলা সংৰক্ষণ নীতি বলৱৎ হওক। কিন্তু এই সংশোধনী প্রস্তাৱ গৃহীত নহ'ল।