ডিজিটেল ডেস্কঃ দীপাৱলী উদ্যাপনৰ কেইটামান দিন পাৰ হোৱাৰ পাছতো দিল্লী-এন চি আৰত এয়াৰ কোৱালিটি উন্নত হোৱা নাই।
দীপাৱলীত আতচ বাজীৰ বাবে ৰাজধানী মহানগৰখনত ভয়ানক বায়ু প্রদূষণ হৈছিল।
এই বায়ু প্ৰদূষণৰ ফলত দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত শ্বাস-প্রশ্বাসৰ ৰোগত আক্ৰান্ত হোৱা ৰোগী আৰু গৰ্ভৱতী মহিলা গুৰুতৰ সমস্যাত ভুগি হস্পিটেলত ভর্তি হোৱাৰ সংখ্যা অস্বাভাৱিকভাবে বৃদ্ধি হৈছে। ফটকা বিস্ফোৰণৰ ফলত হোৱা বায়ু, শব্দ প্রদূষণে দিল্লীত শ্বাস-প্রশ্বাসজ নিত ৰোগত আক্রান্ত হোৱা ৰোগীৰ সংখ্যা ৩০ শতাংশ বৃদ্ধি কৰিছে বুলি চিকিৎসকসকলে মন্তব্য কৰিছে।