হাতে হাতে মদৰ গিলাচ লৈ ৰাস্তাত নাচি-বাগি থাকোতেই চলিল গুলী: প্ৰাণ গ'ল ১২ গৰাকীকৈ নিৰীহ লোকৰ 

Kakali Deka June 26, 2025

ডিজিটেল ডেস্ক : চৌদিশে আনন্দ-উল্লাস,হঠাতে দুৰ্বৃত্তৰ এটা দলে অবিৰাম গুলীবৰ্ষণ আৰম্ভ কৰে ১২গৰাকীকৈ নিৰীহ লোকৰ ওপৰত । ধাৰাসাৰ গুলীবৰ্ষণ কৰিয়েই দুৰ্বৃত্তৰ দলটো সেই ঠাইৰ পৰা পলায়ন কৰে ৷

মঙলবাৰে নিশা এই আক্ৰমণত ১২ জন লোকে প্ৰাণ হেৰুৱায়, ২০ জনতকৈ অধিক লোক আহত হয়। উৎসৱমুখৰ মনোভাব, নাচ-গান আৰু উদ্যাপনৰ পৰিৱেশ আছিল যদিও পিছৰ মুহূৰ্তত গুলী আৰু চিঞৰ-বাখৰেৰে গোটেই দৃশ্যটো সলনি হৈ গ’ল।

এই ঘটনাৰ বহু ভিডিঅ’ও ভাইৰেল হৈ আছে। উল্লেখযোগ্য যে আমেৰিকাৰ এই ৰাজ্যখন ড্ৰাগছ সৰবৰাহ আৰু গেং ৱাৰৰ বাবে পৰিচিত।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ২৪ জুন মঙলবাৰে নিশা মেক্সিকোৰ গুয়ানাজুয়াটোত সংঘটিত হয় এই গুলীচালনাৰ কাণ্ড। মানুহে চেণ্ট জন দ্য বেপ্টিষ্টৰ কেথলিক বন্ধৰ দিনটো উদযাপন কৰি আছিল। ৰাস্তাত গোট খাই নাচি আছিল। মদ খাই আছিল। পটভূমিত সংগীত বাজি আছিল। ইফালে হঠাৎ মানুহৰ ওপৰত নিৰ্বিচাৰে গুলীচালনা কৰা হয় ।

জৰুৰীকালীন সেৱাই নিহতসকলক ওচৰৰ চিকিৎসালয়লৈ লৈ যায়। বহু লোকৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে। এই আক্ৰমণৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোত নিৰাপত্তা বৃদ্ধি কৰা হৈছে। ৰাজহুৱা অনুষ্ঠান আৰু উচ্চ বিপজ্জনক অঞ্চলত টহল দিবলৈ অতিৰিক্ত আৰক্ষী আৰু সামৰিক জোৱান নিয়োগ কৰা হৈছে।

Share This