ফেব্ৰুৱাৰীত খুচুৰা মুদ্রাস্ফীতি ৩.২১ শতাংশলৈ বৃদ্ধি

dainik janambhumi March 13, 2026

ডিজিটেল ডেস্ক : দেশত খুচুৰা মুদ্রাস্ফীতি জানুৱাৰী মাহত ২.৭৪ শতাংশ থকাৰ বিপৰীতে ফেব্ৰুৱাৰীত এই হাৰ বৃদ্ধি হৈ ৩.২১ শতাংশ হয়। 

বৃহস্পতিবাৰে প্ৰকাশ পোৱা উপভোক্তা দৰ সূচকাংক (চি পি আই)ত এই কথা প্রকাশ পাইছে। ভিত্তি বর্ষ ২০২৪ অনুসৰি মুদ্রাস্ফীতিৰ এই তথ্যত গণনা কৰা হৈছে। এই তথ্য মতে, জানুৱাৰীত খাদ্য সামগ্ৰীৰ খুচুৰা মুদ্রাস্ফীতিৰ হাৰ আছিল ২.১৩ শতাংশ। ফেব্ৰুৱাৰীত এই হাৰ ৩.৪৭ শতাংশলৈ বৃদ্ধি পায়। 

আনহাতে, ফেব্ৰুৱাৰী মাহত আদা, পিঁয়াজ, আলু, ৰহৰ দাইলৰ মুদ্রাস্ফীতিৰ হাৰ হ্রাস পায়। তথ্য মতে, ফেব্ৰুৱাৰী মাহত নগৰাঞ্চলত মুদ্রাস্ফীতিৰ হাৰ ৩.৩৭ শতাংশ আৰু গ্রামাঞ্চলত ৩.০২ শতাংশ।

Share This