ডিজিটেল ডেস্ক: সংখ্যালঘু ছাত্ৰ সন্থাৰ (আমছু) নেতা ৰেজাউল কৰিম সৰকাৰে কংগ্ৰেছত যোগদান কৰা প্ৰথম দিনটোতে বিৰোধী দলটোক পেলালে অস্বস্তিত। বিজেপি তথা মিত্ৰজোঁটে কংগ্রেছক সংখ্যালঘু ভোটাৰৰ ওপৰত নিৰ্ভৰশীল দল আৰু দলটোৰ নেতা গৌৰৱ গগৈৰ পাকিস্তানৰ লগত সম্পর্ক থকা বুলি প্রতিষ্ঠা কৰাৰ চেষ্টা চলাই থকাৰ সময়তে সংখ্যলঘু নেতাজনে কালি কংগ্রেছত যোগদান কৰিয়ে কৰা মন্তব্যই সামাজিক আৰু সংবাদ মাধ্যমত ব্যাপক চর্চা লাভকৰিছে। ৰাজ্যত সৃষ্টি হোৱা বিৰূপ প্রতিক্ৰিয়াৰ পাছত ৰেজাউল কৰিম সৰকাৰেই নহয় প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সংবাদ মাধ্যমত স্পষ্টীকৰণ দিবলগীয়া হৈছে।
উল্লেখযোগ্য যে কালি মানবেন্দ্র শর্মা কমপ্লেক্সত কংগ্রেছত এক বৃহৎ যোগদান কার্যসূচী অনুষ্ঠান সম্পন্ন হৈছিল। এই অনুষ্ঠানত আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰে যোগদান কৰিয়েই বৰ অসম গঢ়িবলৈ শিৱসাগৰখনক ধুবুৰী আৰু ধুবুৰীখন শিৱসাগৰ কৰাৰ লগতে বৰাককো শিৱসাগৰ হিচাপে গঢ়ি তুলিব লাগিব বুলি বিতর্কিত মন্তব্য কৰিছিল। শিৱসাগৰ, ধুবুৰী আৰু বৰাকক একে সমানে আগুৱাই নিব লাগিব বুলি মন্তব্য কৰিছিল। এই মন্তব্যৰ পাছত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রতিক্রিয়া প্রকাশ কৰি কয় যে কংগ্ৰেছে শিৱসাগৰক ধুবুৰী কৰা মানেই মিঞাৰ কথাই কৈছে। সংখ্যালঘু নেতাজনৰ এই মন্তব্যৰ পাছতে সংবাদ মাধ্যম, সামাজিক মাধ্যমত কংগ্রেছক লৈ ব্যাপক চর্চা হয়। বিৰোধী দলটোক সমালোচনাৰে থকা-সৰকা কৰাৰ পাছত নতুনকৈ কংগ্রেছত যোগ দিয়া আমছুৰ নেতাজনক একপ্ৰকাৰ ধমকি দিয়ে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। শইকীয়াই কয় যে অঞ্চল বা জিলা অনুসৰি নিজা নিজা গৰিমা থাকে। এই গৰিমাক ম্লান কৰিব নালাগে। শিৱসাগৰ আহোমৰ ৰাজধানী আছিল।
শিৱসাগৰত ৰংঘৰ, তলাতল ঘৰ, শিৱদৌল আৰু সত্ৰও আছে। তেনেদৰে ধুবুৰীৰো নিজা ঐতিহ্য আছে। ধুবুৰীত প্রমথেশ বৰুৱাৰ ঘৰ আছে, গুৰুদ্বাৰ আছে নেতাই ধুবুনী ঘাট আছে। ধুবৰীলৈ গুৰু টেগ বাহাদুৰো আহিছিল। গতিকে, ধুবুৰীৰ কথা ধুবুৰীতে থাকিব লাগিব। বিজেপিৰ এক দেশ এক জাতি নীতি আছে। কংগ্ৰেছৰ তেনে নীতি নাই। বিৰোধী দলপতি শইকীয়াই কয় যে এষাৰ কথা আছে- 'কথাতে বঁটা পায়, কথাতে কটা যায়'। তেখেত নতুন কংগ্রেছী। গতিকে, কথা কওঁতে সাৱধান হ'ব লাগিব। কথা ক'বলৈ তেওঁ জনা নাই। শিৱসাগৰক ধুবুৰী কৰা ধুবুৰীক শিৱসাগৰ কৰাৰ কথা কোনো কাৰণতে গ্রহণযোগ্য হ'ব নোৱাৰে। যি য'ত আছে তাতে থাকি নিজা নিজা ভাষা-সংস্কৃতি ৰক্ষা কৰিব লাগিব। তেওঁৰ বক্তব্যৰ উদ্দেশ্য ভাল হ'লেও উপস্থাপন ভালকৈ কৰিব পৰা নাই। সেয়েহে, নতুনকৈ যোগদান কৰা কংগ্ৰেছৰ নেতাজনৰবক্তব্য যিসকলে মন কৰিছে তেওঁলোকে সেই বক্তব্যৰ অপবাখ্যা কৰাৰ সুযোগ গ্রহণ কৰিছে। আমছুৰ প্ৰাক্তন নেতাজনৰ বিতর্কিত মন্তব্য সন্দৰ্ভত প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে তেওঁ ভয়-শংকা নথকা বৰ অসমৰ কথা কওঁতে অনুচিত কথা ক'লে। ৰাজহুৱা মঞ্চত এনে কথা ক'ব নালাগিছিল। ভবি-চিন্তিহে কথা কোৱা উচিত।
কংগ্ৰেছত যোগদান কৰা নোতজনে ক্ষমা বিচাৰিছে আৰু বিতৰ্কৰ অৱসান হোৱা উচিত। প্রথম দিনটোতে কথা কওঁতে উজুটি খোৱা ৰেজাউল কৰিম সৰকাৰে কয় যে তেওঁৰ বক্তব্য বিকৃত কৰি পৰিৱেশন কৰা হৈছে। তেওঁৰ বক্তব্যৰ উদ্দেশ্য আছিল যে শিৱসাগৰখনৰ যেনেদৰে উন্নয়ন হৈছে তেনেদৰে ধুবুৰী, বৰাকৰো সমানে উন্নয়ন হ'ব লাগিব। ধুবুৰীৰ মানুহ শিৱসাগৰত আৰু শিৱসাগৰৰ মানুহ ধুবুৰীত থাকিব লাগিব বুলিতেওঁ কোৱা নাই। তেওঁ কয় যে সকলো অঞ্চল একে সমানে উন্নয়ন কৰা আৰু সমানে সমানে আগুৱাই যোৱাৰ কথা কৈছিল। মুখ্যমন্ত্রীয়েহে জিলা ভিত্তিত, উজনি-নামনি হিচাপে ভাগ কৰিব বিচাৰে। এইখন অসম শংকৰদেৱ মাধৱদেৱ, আজান পীৰৰ আদৰ্শৰে আগবাঢ়ি যাব লাগিব। তেওঁৰ মন্তব্যই যদি কাৰোবাৰ মনত দুখ দিছে তাৰ বাবে তেওঁ ৰাইজৰ ওচৰত ক্ষমাও বিচাৰে।