৫০% পর্যন্ত বৃদ্ধি চাউলৰ দাম

dainik janambhumi November 21, 2026

ডিজিটেল ডেস্ক : বজাৰত জুই জ্বলিছে। প্রায় প্রতিটো নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম বৃদ্ধিয়ে সাধাৰণ লোকক জুৰুলা কৰিছে। সকলোতকৈ প্রয়োজনীয় খাদ্য সামগ্ৰীৰ ভিতৰত চাউল, মিঠাতেল, চেনি আৰু পিঁয়াজৰ দাম আকাশলংঘী হৈ পৰিছে। বিশেষকৈ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি চাউলৰ দামবৃদ্ধিয়ে ভয়ানক পৰিস্থিতিক সৃষ্টি কৰিছে। বিগত চাৰি মাহত চাউলৰ মূল্য ৩০ শতাংশৰ পৰা ৫০ শতাংশলৈ বৃদ্ধি হৈছে। 

আনহাতে যোৱা তিনি মাহ ধৰি পিঁয়াজৰ দাম হ্রাস পোৱা নাই আজিও খুচুৰা বজাৰত প্ৰতি কিল' পিঁয়াজ ৬৫-৭০ টকা দামত বিক্রী হৈ আছে। সাধাৰণতে উৎসৱৰ বতৰত বজাৰত দাম বৃদ্ধিৰ প্ৰকোপ বৃদ্ধি পায় যদিও উৎসৱ সমাপ্ত হোৱাৰ পাছতো বজাৰত দাম বৃদ্ধিৰ উত্তাপ কমা নাই তথ্য অনুসৰি বজাৰত সোণাশক্তি নামৰ জনপ্ৰিয় চাউলবিধৰ দাম অভাৱনীয় হাৰত বাঢ়িছে। চাৰিমাহ পূৰ্বে প্ৰতি ২৬ কিল'গ্ৰামৰ সোণাশক্তি ৰিপুৰাজ চাউলৰ বেগ বিক্রী হৈছিল ১৪০০ টকাত। বর্তমান ইয়াৰ দাম হৈছে ২২৪০ টকা সেইদৰে বিপিটি চাউলৰ দাম আছিল ১১৫০ টকা আৰু এতিয়া বৃদ্ধি হৈ ১৭০০ টকা হৈছে। কে আৰ টি চাউলৰ দামো প্রতি বেগত ১০৪০ টকাৰ পৰা বৃদ্ধি হৈ ১৫৫০ টকা হৈছে। লক্ষ্মীভোগ চাউলৰ দাম ১১৪০ টকাৰ পৰ এতিয়া ১৬০০ টকা, ৰামপাল চাউলৰ দাম ১২০০ টকাৰ পৰা বৃদ্ধি হৈ ১৭০০ টকা হৈছে। 

ইফালে আজিৰ তাৰিখত বজাৰত প্ৰতি লিটাৰত ২০০ টকাৰ তলত কোনো মিঠাতেল পাবলৈ নাই। মাত্ৰ এটা মাহৰ ভিতৰত মিঠাতেলক দামে ডাবল চেঞ্চুৰি কোবাইছে। জনপ্রিয় ইঞ্জিন বেণ্ডৰ মিঠাতেলৰ দাম প্রতি লিটাৰত ২৩০ টকা হৈছেগৈ। একেদৰে ফৰচুন বেণ্ডৰ মিঠাতেলৰ দামো প্রতি লিটাৰত ২১৫ টকা হৈছে। চাউল মিঠাতেলৰ লগতে ৰহৰ দাইলৰ দামো বৃদ্ধি পাইছে। ৰহৰ দাইলৰ দাম আগতে প্রতি কেজিত ১১০ টকা আছিল আৰু এতিয়া ১৪০ টকা হৈছে। মচুৰ দাইলৰ বাহিৰে বাকী সকলো দাইলতে প্রতি কিল'ত ১০-২০ টকাকৈ দাম বাঢ়িছে। 

ইফালে চেনিৰ দাম বৃদ্ধি পোৱাৰ পাছত কিছু হ্রাস পালেও আজিও প্রতি কিল' চেনি ৬৫ টকা দামত বিক্রী সৈ আছে। খাদ্য সামগ্ৰীৰ এনেদৰে দাম বৃদ্ধি পোৱাক লৈ ব্যৱসায়ী ৰাতুল ডেকাই প্ৰকাশ কৰা মতে বিগত চাৰিমাহৰ ভিতৰত চাউলৰ দাম ৫০ শতাংশ পর্যন্ত বৃদ্ধি পাইছে। এই দাম হ্রাস পোৱাৰ কোনো সম্ভাৱনা নাই বুলি জনাই তেও লগতে কয় যে সাধাৰণতে চাউলৰ দাম ইমান বৃদ্ধি নাপায় কিন্তু এইবাৰ চাউলৰ দামেই সৰ্বাধিক বৃদ্ধি পাইছে। বিশেষকৈ অসমৰ বাহিৰৰ পৰা চাউলৰ দাম আকাশলংঘী হৈ পৰিছে। অৱশ্যে স্থানীয় চাউলৰ দাম বিশেষ বৃদ্ধি পোৱা নাই বুলি জনাই তেওঁ লগতে কয় যে দাম নাবাঢ়িলেও স্থানীয় চাউলক বজাৰখন আগৰ দৰে নাই। বাহিৰৰ পৰা অহা চাউলেই বিক্ৰী বেছিকৈ হয় প্রণিধানযোগ্য যে অসমৰ দৰে উপভোক্তা ৰাজ্যই প্রতিবিধ সামগ্রীয়ে বহিঃৰাজ্যৰ পৰা আমদানি কৰিব লগীয়া হয়। যাৰ বাবে পৰিবহণ ব্যয়ে যথেষ্ট লাগে। এনে পৰিস্থিতিত দেশৰ আন প্ৰান্তৰ তুলনাত অসমত খাদ সামগ্ৰীৰ দাম কিছু পৰিমাণে বেছি। যাৰ ফলত এতিয়া জীয়াই থকাৰ বাবেই সাধাৰণ লোকে সংগ্রাম কৰিব লগীয়া হৈছে।

Share This