বার্মিংহামত লং জাম্পত সোণ জয় ৰিম্পী বুঢ়াগোহাঁইৰ

dainik janambhumi July 03, 2025

ডিজিটেল ডেস্ক : আমেৰিকাৰ বার্মিংহামত (৩০ জুন-৬ জুলাই) চলি থকা বিশ্ব আৰক্ষী চেম্পিয়নশ্বিপত অসম কন্যা ৰিম্পী বুঢ়াগোহাঁয়ে লং জাম্প ইভেন্টত স্বর্ণপদক জয়েৰে দেশ তথা অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে। অসম ৰাইফলছক প্রতিনিধিত্ব কৰা ৰিম্পীয়ে শীর্ষ পদকটো জয়ৰ বেলিকা সর্বাধিক ২১ ফুট জঁপিয়ায়।

আন্তর্জাতিক প্রতিযোগিতাখনলৈ যোৱাৰ পূর্বে গুৱাহাটীৰ সৰুসজাইস্থিত ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পত অনুশীলন চলাই যোৱা ৰিম্পীয়ে ইয়াৰ পূৰ্বে এথলেটিকছৰ গ্ৰাঁ-প্রি প্রতিযোগিতাৰ উপৰি ভাৰতীয় এথলেটিকছ ফেডাৰেশ্যনৰ অধীনত একাধিক ৰাষ্ট্ৰীয় প্রতিযোগিতাত স্বর্ণজয়ী সফলতা অর্জন কৰি আহিছে।

শিৱসাগৰ জিলাৰ বকতাৰ পুনিবিল অঞ্চলৰ পৰা ওলাই অহা ৰিম্পী বৰ্তমান অসম ৰাইফলছৰ কোহিমা ৰেজিমেণ্টত কৰ্মৰত। ৰিম্পীয়ে আজি আন এটা ইভেন্টত খেলিব।

Share This