ৰিপুন বৰাক তলব আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটৰ

dainik janambhumi May 29, 2025

ডিজিটেল ডেস্ক : সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰে সম্পৰ্ক সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক প্রশ্ন কৰি অসম আৰক্ষীৰ ৰোষত পৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুন বৰা। প্রাক্তন সাংসদ তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা বৰাই অলপতে অনুষ্ঠিত কৰা এখন সংবাদমেলত মুখ্যমন্ত্রীক ১১/১২টা প্রশ্ন কৰিছিল। কংগ্রেছ নেতাজনে মুখ্যমন্ত্রীক উভতি ধৰাৰ পাছতে ড' শর্মাই উল্লেখ কৰিছিল যে গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লোৱাৰ কথা ৰিপুন বৰাই যিহেতু স্বীকাৰ কৰিছে গতিকে তেওঁক আৰক্ষীয়ে তলব কৰিব। অৱধাৰিতভাৱে বুধবাৰে কংগ্রেছ নেতাজনে আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটৰ পৰা চমন লাভ কৰে। আজি মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত জেৰাৰ বাবে বৰাই উপস্থিত হ'ব লাগিব। 

চমন লাভ কৰাৰ পাছত কালি কংগ্ৰেছ নেতা বৰাই কয় যে ইছলামাবাদৰ শ্বাহ উপাধিৰ এজন লোকৰ লগত তেওঁক জড়িত কৰা হৈছে। সেই ব্যক্তিজন কোন তেওঁ চিনি নাপায়। ব্যক্তিজনৰ নাম আজিহে শুনিছে। বৰাই আৰু কয় যে সংবাদমেলত তেওঁ কৈছিল যদি গৌৰৱ গগৈৰ পত্নীয়ে বিধিসন্মতভাৱে আইনৰ অধীনত পাকিস্তানৰ পৰা দৰমহা লৈছিল তাত ক'ব লগা নাই। 
মুখ্যমন্ত্রীয়ে টুইটত উল্লেখ কৰিছিল ৰিপুন বৰাৰ এছ আই টিয়ে তলব কৰিব। গণতান্ত্রিক দেশত আইন সকলোৱে মানিব লাগিব। গতিকে আজি মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত বৰাই হাজিৰ হ'ব বুলি উল্লেখ কৰি কয় যে এছ আই টিয়ে জেৰা চলোৱাৰ পাছত তেওঁক ৰাখি থৈ জে'লত দিলেও দিব।

Share This