ডিজিটেল ডেস্ক : হেডিংলেত অহা ২০ জুনত প্রথম টেষ্টত মুখামুখি হ'ব ভাৰত আৰু ইংলেণ্ড। ৫খনীয়া শৃংখলাৰ প্ৰথম টেষ্টৰ বি আগেয়ে ভাৰতীয় শিবিৰে এক আঘাত সহিবলগীয়া হৈছে। ইংলেণ্ডত উপস্থিত হৈয়েই অনুশীলনত নমা ভাৰতীয় দলৰ সহঃ অধিনায়ক ঋষভ পন্টে আঙুলিত আঘাত পায়। ইয়াৰ ফলত প্রথম টেষ্টত তেওঁৰ অংশগ্রহণত অনিশ্চয়তাই দেখা দিছে।
দেওবাৰে অনুশীলনৰ সময়তে বলে পণ্টৰ আঙুলিত আঘাত হানে। লগে লগে বেট পেলাই দিয়ে পন্টে। উইকেটকীপাৰ-বেটাৰ পণ্টক দেখা পাই বুজা গৈছিল যে তেওঁৰ যন্ত্রণা হৈছে। পণ্টৰ আঘাতৰ পৰীক্ষা কৰে দলৰ চিকিৎসকে। পণ্টৰ আঙুলিত 'আইচ বেগ' লগোৱা হয়। পৰৱৰ্তী সময়ত তেওঁ অনুশীলনৰ পৰা আঁতৰি থাকে। পণ্টৰ আঘাত কিমান গুৰুতৰ সেয়া জানিব পৰা হোৱা নাই। অৱশ্যে, প্রথম টেষ্ট আৰম্ভ হ'বলৈ এতিয়াও ১১ দিন বাকী। ফলত হাতত যথেষ্ট সময় আছে। ইয়াৰ মাজতে পণ্ট সুস্থ হৈ উঠিব বুলি সকলোৱে আশা কৰিছে।
ইফালে, বিৰাট কোহলী আৰু ৰোহিত শর্মা অবিহনে ইংলেণ্ড ভ্ৰমণ কৰা ভাৰতীয় দলত নাই মহম্মদ ছামীও। সম্প্রতি ভাৰতীয় দলত থকা অভিজ্ঞ ক্রিকেটাৰৰ মাজৰ এগৰাকী হ'ল পণ্ট। ইংলেণ্ডত খেলাৰ অভিজ্ঞতা থকা পণ্টক ভাৰতীয় দলত প্রয়োজন আছে। আঘাতপ্রাপ্ত পন্টে খেলিব নোৱাৰিলে ধ্রুৱ জুৰেলক প্ৰথম একাদশত স্থান দিবলৈ বাধ্য হ'ব ভাৰত।