ইৰানৰ বিৰুদ্ধে পুনৰ যুদ্ধৰ আশংকা

dainik janambhumi June 30, 2025

ডিজিটেল ডেস্ক : ইৰানত আমেৰিকা আৰু ইজৰাইলে পুনৰবাৰ আক্ৰমণ কৰাৰ আশংকা পুনৰ বৃদ্ধি পাইছে। ইয়াৰ ফলত এখন মহাযুদ্ধৰ সূচনা হোৱাৰো আশংকা ঘনীভূত হৈছে। যুঁজখন পুনৰ আৰম্ভ হ'লে এইবাৰ সহজে যুদ্ধবিৰতি হোৱাৰো সম্ভাৱনা নিচেই কম বুলিও কোৱা হৈছে। আমেৰিকা আৰু ইজৰাইলে ইৰানত পুনৰ আক্ৰমণ কৰাৰ আশংকা বৃদ্ধি পোৱাৰ মূলতে হ'ল কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে লাভ কৰা তথ্য আৰু আন্তঃৰাষ্ট্ৰীয় আণৱিক শক্তি সংস্থাই (আই এই এ) দিয়া এক মন্তব্য। ইয়াৰ পাছত আমেৰিকা আৰু ইজৰাইলে ইৰানত পুনৰ আক্ৰমণ কৰাৰ কথা বিবেচনা কৰি থকা বুলি প্রকাশ পাইছে। 

উল্লেখযোগ্য যে ইজৰাইলে ইৰানৰ পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণ কৰাৰ পাছত আমেৰিকাৰ বি-২ বোমাৰু বিমানে দেশখনৰ তিনিটা প্ৰধান পাৰমাণৱিক কেন্দ্ৰত বিধ্বংসী বাংকাৰ বাস্তাৰে আক্ৰমণ কৰি বিধ্বস্ত কৰি পেলোৱা বুলি দাবী কৰিছিল। কিন্তু ইৰানে ইয়াৰ আগতেই প্রায় ৪০০ কেজি সমৃদ্ধ ইউৰেনিয়ামসহ স্পৰ্শকাতৰ পৰামাণৱিক সা-সঁজুলি গোপন স্থানলৈ লৈ যায়। এই ৪০০ কেজি সমৃদ্ধ ইউৰেনিয়াম আমেৰিকা আৰু ইজৰাইলৰ বাবে প্রধান চিন্তাৰ কাৰণ হৈ থকাৰ সময়তে কৃত্রিম উপগ্ৰহৰ জৰিয়তে লাভ কৰা তথ্য মতে ইৰানে যুদ্ধ-বিৰতি আৰম্ভ হোৱাৰ তিনিদিনৰ পাছতে ভূ-গর্ভত থকা তিনিটা পাৰমাণৱিক প্ৰকল্পৰ কাম-কাজ পুনৰ আৰম্ভ কৰে। এই তথ্য হোৱাইট হাউছে লাভ কৰাৰ পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্প ক্ষুব্ধ হৈ পৰে। 

ট্রাম্পে পুনৰ ঘোষণা কৰে যে ইৰানে যদি পাৰমাণৱিক বোমা নিৰ্মাণৰ পুনৰ চেষ্টা কৰে, তেতিয়া দেশখনৰ অস্তিত্ব নোহোৱা কৰি পেলাব। এই তথ্যই ইজৰাইলকো উদ্বিগ্ন কৰি তুলিছে। ইৰানে যুদ্ধ-বিৰতিৰ তিনিদিনৰ পাছতে ইস্ফাহান, নাটো আৰু ফৰ্দোৰ পাৰমাণৱিক প্রকল্পত কাম-কাজ পুনৰ আৰম্ভ কৰা বুলি লাভ কৰা তথ্যই ইয়াকে প্রমাণিত কৰে যে ইজৰাইল আৰু আমেৰিকাৰ আক্রমণে এই প্রকল্প তিনিটাৰ বিশেষ ক্ষতি কৰিব নোৱাৰিলে। ইৰানৰ সমৃদ্ধ ইউৰেনিয়াম আৰু পাৰমাণৱিক কাৰ্যসূচী পুনৰ আৰম্ভ কৰাৰ তথ্যই মধ্য প্রাচ্যৰ পৰা তৃতীয় বিশ্ব যুদ্ধৰ আৰম্ভণি হোৱাৰ আশংকাও বৃদ্ধি কৰিছে। ইজৰাইল আৰু আমেৰিকাই ইৰানত পুনৰ আক্ৰমণ কৰিলে বিনাশৰ সৃষ্টি কৰিব। 

কৃত্রিম উপগ্ৰহৰ জৰিয়তে লাভ কৰা তথ্য মতে ২৭ জুনৰ পৰা ইস্ফাহান কেন্দ্ৰৰ প্ৰৱেশদ্বাৰ পুনৰ খোলা হয়। আনহাতে ফর্দোত আমেৰিকাৰ আক্ৰমণৰ পাছত এতিয়া মেৰামতিৰ কাম চলাই থকা হৈছে। কৃত্রিম উপগ্ৰহৰ ফটোত ফৰ্দোত মাটি খননৰ বাবে ডাঙৰ ডাঙৰ মেচিন ব্যৱহাৰ কৰা দেখা পোৱা গৈছে। নতাঞ্জত কাম-কাজ পুনৰ আৰম্ভ কৰা বুলি ইজৰাইলী সংবাদ মাধ্যমে ২৭ জুলাইত দাবী কৰে। ইফালে আই এ ই এৰ সঞ্চালক ৰাফেল গ্রাছীয়ে আজি কয় যে ইৰানে মাত্ৰ কেইমাহমানৰ ভিতৰতে ইউৰেনিয়াম সমৃদ্ধকৰণৰ কাম পুনৰ আৰম্ভ কৰিব পাৰে। গ্ৰাছীয়ে চি বি এছ নিউজক দিয়া এটা সাক্ষাৎকাৰত কয়, 'ইৰানৰ হাতত বৰ্তমান যি ক্ষমতা আছে তাৰ ভিত্তিত দেশখনে কেইমাহমানৰ ভিতৰত বা তাতকৈ কম সময়ৰ ভিতৰত কেইটামান চেন্ট্রিফিউজ গোটৰ কাম-কাজ পুনৰ আৰম্ভ কৰি ইউৰেনিয়াম সমৃদ্ধকৰণ কৰিব পাৰে।' তেওঁ লগতে কয় যে আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণত ইৰানৰ পাৰমাণৱিক ক্ষমতা সম্পূৰ্ণৰূপে ধ্বংস হোৱা বুলি দাবী কৰাটো ভুল হ'ব। তেওঁ ফর্দো পাৰমাণৱিক প্রকল্প আই এ ই এক পৰিদৰ্শন কৰাৰ অনুমতি দিব লাগে বুলি কয়। ইৰানে আই এ ই এক দেশখনৰ পাৰামাণৱিক প্রকল্পসমূহ নিৰীক্ষণ কৰাৰ অনুমতি নিদিলে আৰু নিজৰ পাৰমাণৱিক কাৰ্যসূচী অব্যাহত ৰাখিলে আমেৰিকাই কি পদক্ষেপ গ্রহণ কৰিব বুলি সোধাত ট্রাম্পে কয়, 'কোনো ধৰণৰ সন্দেহ আৰু প্ৰশ্নৰ অৱকাশ নথকাকৈ আমেৰিকাই নিশ্চয় পুনৰ আক্ৰমণ কৰিব।' ইফালে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্রী ইজৰাইল কাজে কয় যে ইৰানৰ পাৰমাণৱিক কাৰ্যসূচীৰ পৰা নতুন ভাবুকিৰ সৃষ্টি হ'লে তেওঁৰ দেশে পুনৰ আক্ৰমণ কৰিব। তেওঁ কয় যে যুদ্ধ-বিৰতিৰ সময়ত ইৰানে পাৰমাণৱিক কাৰ্যসূচী পুনৰ আৰম্ভ কৰিলে, ক্ষেপণাস্ত্র নির্মাণ পুনৰ আৰম্ভ কৰিলে আৰু নিজৰ বায়ু সেনাৰ শক্তি বৃদ্ধি কৰাৰ চেষ্টা কৰিলে ইজৰাইলে পুনৰ আক্ৰমণ কৰিব। ইৰানত আক্ৰমণৰ কাৰণে আমেৰিকাৰ অনুমতিৰ প্রয়োজন নহ'ব বুলি তেওঁ কয়। ইফালে ইৰানৰ বিদেশ মন্ত্ৰী আববাছ অৰাঘাচীয়ে কয় যে তেওঁৰ দেশত পুনৰ আক্ৰমণ কৰিলে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব। ইছলামিক ৰিভলিউশ্যনেৰী গাৰ্ডছ কর্পছৰ (আই আৰ জি চি) উপ কমাণ্ডাৰ ব্রিগেডিয়াৰ জেনেৰেল মহম্মদ-ৰজা নাগদীয়ে কয় যে ইজৰাইলে পুনৰ আক্ৰমণ কৰিলে ইয়াৰ উপযুক্ত প্ৰত্যুত্তৰ দিয়া হ'ব। তেওঁ কয় যে ইজৰাইলৰ বিৰুদ্ধে ইৰানে তেওঁলোকৰ প্ৰতিৰক্ষা ক্ষমতাৰ মাত্র ৫% ব্যৱহাৰ কৰিলে। যদি পূৰ্ণ শক্তিৰে যুঁজ দিয়া হয় তেতিয়া ইজৰাইলে অতি শোচনীয় পৰিণাম ভুগিব লাগিব।

Share This