ডিজিটেল ডেস্ক : কংগ্ৰেছৰ মুখপাত্ৰ ৰীতম সিঙক কালি পুনৰ গ্ৰেপ্তাৰ কৰা হয়। মৰিগাঁও জিলা কাৰাগাৰৰ পৰা শনিবাৰে জামিন লৈ ওলাই অহাৰ পাছতে পুনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰীতম সিঙক। গ্ৰেপ্তাৰ কৰি ৰীতম সিঙক জাগীৰোড থানালৈ সোধা-পোছাৰ বাবে লৈ আহে মৰিগাঁও আৰক্ষীৰ এটা দলে। উল্লেখযোগ্য যে কংগ্ৰেছ নেতা ৰীতমৰ বিৰুদ্ধে মন্ত্ৰী পীযূষ হাজৰিকা আৰু আইমী বৰুৱাই দাখিল কৰিছিল এজাহাৰ। বিভিন্ন সময়ত সামাজিক মাধ্যমত এছ চি আৰু এছ টিৰ বিৰুদ্ধে মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰি দিয়া এজাহাৰৰ ভিত্তিত জাগীৰোড আৰক্ষী থানাত ৮৬/২০২৫ নম্বৰৰ এটা গোচৰ ৰুজু কৰা হৈছিল আৰু তাৰেই ভিত্তিত শনিবাৰে পুনৰ গ্ৰেপ্তাৰ কৰে ৰীতম সিঙক।
ইফালে শুকুৰবাৰে বিয়লিৰ ভাগত ৰীতমে মৰিগাঁও মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ পৰা জামিন লাভ কৰিছিল। কাৰাগাৰৰ কৰ্তৃপক্ষই নিশাৰ ভাগত তেওঁক মুকলি কৰি নিদি শনিবাৰে দিনৰ ভাগত মুকলি কৰি দিছিল। ৰীতমক ঘৰলৈ নিবৰ বাবে তেওঁৰ পিতৃ-মাতৃ আহি কাৰাগাৰৰ সন্মুখত ৰৈ আছিল। কাৰাগাৰৰ ভিতৰৰ পৰা ওলাই অহাৰ মুহূৰ্ততে এখন গাড়ী লৈ পূৰ্বৰে পৰা ৰৈ থকা আৰক্ষী আৰু সাধাৰণ পোছাকত থকা কেইজনমান লোকে তেওঁক টনা- আঁজোৰা কৰি গাড়ীত উঠাই জাগীৰোডৰ দিশে গুচি যায়। ৰীতমক কোনোবাই অপহৰণ কৰা বুলি সন্দেহ কৰি ইয়াৰ পাছতে মৰিগাঁও জিলা কাৰাগাৰৰ সন্মুখত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আনকি ৰীতমৰ পিতৃয়ে পুত্ৰক উঠাই নিয়া গাড়ীখনৰ আগত বাগৰি পৰি তীব্র প্রতিবাদ সাব্যস্ত কৰে। পিতৃৰ প্ৰতিবাদক নেওচি ৰীতমক তীব্র গতিত জাগীৰোডৰ দিশত লৈ যোৱা হয়।
এই ঘটনাটোৰ পাছতে ৰীতমৰ পৰিয়ালৰ লোক সন্দিহান হোৱাৰ লগতে সকলো বুমেৰাং হৈ পৰিছিল যদিও শেহতীয়াকৈ জানিব পৰা মতে জাগীৰোড সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী পীযূষ হাজৰিকাই জাগীৰোড আৰক্ষী থানাত ৰুজু কৰা গোচৰ এটাত ৰীতমক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জাগীৰোড থানালৈ লৈ যায়। প্রণিধানযোগ্য যে কিছুদিন পূৰ্বে লখিমপুৰ জিলা কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পাছতে মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মৰিগাঁৱলৈ আনিছিল ৰীতম সিঙক। মৰিগাঁও আৰক্ষী থানাত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰিছিল ৰীতমক। ইপিনে ৰীতম সিঙক শনিবাৰে মৰিগাঁও কাৰাগাৰৰ সন্মুখৰ পৰা আৰক্ষীয়ে নাটকীয়ভাৱে আটক কৰাৰ কাৰ্যক পৰিয়ালৰ লোকে বে-আইনী বুলি অভিহিত কৰাৰ লগতে চৰকাৰ আৰু আৰক্ষী প্রশাসনে তেওঁক আক্রোশমূলকভাৱে এটাৰ পাছত আন এটা ভুৱা গোচৰ জাপি দি বাৰে বাৰে গ্ৰেপ্তাৰ কৰা বুলি গভীৰ ক্ষোভ প্রকাশ কৰিছে। আনহাতে ৰীতমৰ বৃদ্ধ পিতৃ-মাতৃ, মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতি ৰমেশ চন্দ্ৰ বৰদলৈ আৰু আইন কোষৰ সচিব জ্যেষ্ঠ অধিবক্তা পৱিত্ৰ বৰাই এনে কাৰ্যক ধিক্কাৰ আৰু গৰিহণা দিয়ে।