ডিজিটেল ডেস্ক : মুম্বাইৰ মেয়ৰ পদত অধিষ্ঠিত হ'ল বিজেপিৰ কৰ্প'ৰেটৰ ৰিতু তাওৰে। বৃহনমুম্বাই পৌৰ নিগমত থাকৰে পৰিয়ালৰ ২৫ বছৰীয়া দখল অন্ত পেলাই ঘাটকোপাৰৰ ১৩২ নং ৱাৰ্ডৰ কৰ্প'ৰেটৰ তাওৰে মেয়ৰ পদৰ বাবে বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়।
বুধবাৰে অনুষ্ঠিত বি এম চিৰ মেয়ৰ পদৰ নিৰ্বাচনত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নবিশ আৰু উপ-মুখ্যমন্ত্রী একনাথ সিন্দেও উপস্থিত থাকে। উল্লেখযোগ্য যে বি এম চিৰ উপ- মেয়ৰ পদত বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় শিৱসেনা (সিন্দে)ৰ সঞ্জয় ঘাড়ি।
দেশৰ আটাইতকৈ চহকী পৌৰ নিগমখনৰ মেয়ৰ পদত অধিষ্ঠিত হোৱা ৫২ বছৰীয়া ৰিতু তাওৰে ২০১১ চনলৈকে কংগ্রেছত আছিল। ২০১২ চনত তেওঁ বিজেপিত যোগদান কৰে আৰু সেই বছৰতে কৰ্প'ৰেটৰ হিচাপেও নির্বাচিত হয়।