ডিজিটেল ডেস্ক : ৰিয়ান পৰাগ অধিনায়কৰ বাবে যোগ্য হোৱাৰ কাৰণে তেওঁক এইবাৰৰ আই পি এলত ৰাজস্থান ৰয়েলছৰ প্ৰথম তিনিখন মেচত অধিনায়কৰ দায়িত্ব দিয়া হৈছিল। এই কথা প্রকাশ কৰে দলটোৰ অধিনায়ক সঞ্জু ছেমছনে। কালি এখন সংবাদমেলত কয় যে প্রথম তিনিখন মেচত তেওঁৰ অনুপস্থিতিত ৰিয়ান পৰাগে দলক দক্ষতাৰে নেতৃত্ব দিয়ে। ছেমছনে কয়, 'ৰিয়ান অধিনায়ক হিচাপে যোগ্য কাৰণে তেওঁক দায়িত্ব দিয়া হৈছিল। টীমৰ বৈঠকত ৰিয়ানৰ পৰামৰ্শ সদায় গ্রহণ কৰা হয়। এইবাৰ তেওঁ খেলপথাৰতো নেতৃত্ব দিয়াৰ দক্ষতা প্ৰদৰ্শন কৰিছে।'
আনহাতে, ৰাজস্থান ৰয়েলছে এই বছৰৰ আই পি এলৰ প্ৰথম পাঁচখন মেচৰ তিনিখনত পৰাস্ত হোৱাৰ পাছত দলত অভিজ্ঞ ক্রিকেটাৰৰ অভাৱ আৰু নৱাগত খেলুৱৈৰ প্ৰতি অত্যধিক আস্থা ৰখা বুলি কোৱা হৈছে। আজি এই অভিযোগ খণ্ডন কৰি দলৰ অধিনায়ক সঞ্জু ছেমছনে কয়, 'আমাৰ দলটো যুৱ খেলুৱৈৰে গঠিত বুলি যি চর্চা ক্রিকেট মহলত হৈছে সেয়া বাস্তৱত ভিত্তিহীন। হয়, বয়সৰ ফালৰ পৰা চাবলৈ গ'লে দলটো নৱাগত। কিন্তু প্রতিজন খেলুৱৈৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলাৰ লগতে আই পি এলতো খেলাৰ অভিজ্ঞতা আছে। দলৰ সফলতাই এনে সমালোচনাক উচিত উত্তৰ দিব।' চলিত বছৰৰ আই পি এলত জয়পুৰত আজি প্রথমখন মেচ অনুষ্ঠিত হয়। এই মেচখন দিনৰ ৩-৩০ বজাৰ পৰা আৰম্ভ হয়।
জয়পুৰৰ উইকেট আৰু পৰিৱেশ ৰাজস্থানৰ বাবে সু-পৰিচিত আৰু ঘৰুৱা ষ্টেডিয়ামত দলে কাইলৈ জয়লাভ কৰিব বুলি ছেমছনে আস্থাসহকাৰে কয়। ইফালে, কাইলৈ মূল একাদশৰ বাছনিৰ বাবে সকলো বিকল্প মুকলি আছে আৰু এই ক্ষেত্ৰত মুখ্য প্রশিক্ষক ৰাহুল দ্রাবিড়ে চূড়ান্ত সিদ্ধান্ত ল'ব বুলি তেওঁ কয়। আই পি এলৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে এইবাৰ প্ৰথম দুখন মেচতে পৰাস্ত হৈ হতাশাৰে ছিজনৰ আৰম্ভণি কৰিছিল যদিও গুৱাহাটী আৰু চণ্ডীগড়ত ক্রমাগত দুখন মেচত জয়লাভ কৰি সফল প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হৈছিল। কিন্তু অন্তিম মেচত আহমেদাবাদত পুনৰ পৰাস্ত হৈ দলটো জয়পুৰলৈ আহিছে। ৰয়েলছে পাঁচখন মেচৰ দুখনত জয়ী হৈ চাৰি পইণ্টৰে তালিকাৰ সপ্তম স্থানত আছে।