ভাৰত 'এ' দলত ৰিয়ান পৰাগ, দঃ আফ্রিকা 'এ' দলৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত স্থান নহ'ল কোহলী-ৰোহিতৰ

dainik janambhumi November 06, 2025

ডিজিটেল ডেস্ক : দক্ষিণ আফ্রিকা 'এ' দলৰ বিৰুদ্ধে আসন্ন বেচৰকাৰী তিনিখনীয়া এদিনীয়া শৃংখলাৰ বাবে ভাৰত 'এ' দলত স্থান লাভ কৰিছে অসম সন্তান ৰিয়ান পৰাগে। ৰাজকোটত ১৩ নৱেম্বৰত আৰম্ভ হ'বলগীয়া শৃংখলাৰ বাবে ঘোষিত ১৪জনীয়া ভাৰত 'এ' দলত স্থান নাপালে দুই তাৰকা বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শেহতীয়াকৈ তিনি খেলৰ এদিনীয়া শৃংখলাৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ প্রত্যাবর্তন ঘটোৱা দুই তাৰকাক বিবেচনা নকৰিলে নির্বাচক সমিতিয়ে। 

তিলক বার্মাই নেতৃত্ব দিবলগীয়া দলটোত স্থান পাইছে অভিষেক শর্মা, ঈশান কিষাণ, অর্শদীপ সিং আৰু হর্ষিত ৰাণাই।

 ঘোষিত ভাৰত 'এ' দলটো: তিলক বার্মা (অধিনায়ক), ঋতুৰাজ গাইকোৱাড (সহঃঅধিনায়ক) অভিষেক শর্মা, ৰিয়ান পৰাগ, ঈশান কিষাণ (উইকেটকীপাৰ), আয়ুষ বাদনী, নিশান্ত সিন্ধু, বিপৰাজ নিগম, মানৱ ছুথাৰ, হর্ষিত ৰাণা, অৰ্শদীপ সিং, প্রসিদ্ধ কৃষ্ণ, খলিল আহমেদ, প্রভছিমৰণ সিং (উইকেটকীপাৰ)।

Share This