অথলে গʼল ৰিয়ানৰ ৯৫ ৰাণৰ ইনিংছ 

dainik janambhumi May 05, 2025

ডিজিটেল ডেস্কঃ ৰাজস্থান ৰয়েলছৰ (আৰ আৰ) বিৰুদ্ধে দেওবাৰৰ খেলত ১ ৰানত শ্বাসৰুদ্ধকৰ জয়েৰে কলকাতা নাইট ৰাইডাৰ্ছে (কে কে আৰ) আই পি এলত প্লে'-অফৰ আশা সজীৱ ৰাখে। প্লে'-অফৰ দৌৰৰ পৰা ইতিমধ্যেই বাহিৰ হোৱা ৰাজস্থান ৰয়েলছে ২০৭ ৰানৰ জয়ৰ লক্ষ্য অনুসৰণ কৰি ৮ উইকেটত ২০৫ ৰানত থমকি ৰ'বলগীয়া হয়। অধিনায়ক ৰিয়ান পৰাগে ৪৫টা বলত ছটা চাৰি আৰু আঠটা ছয়েৰে ৯৫ ৰান কৰিলেও দলক জয়ৰ লক্ষ্যলৈ তুলি নিয়াত ব্যর্থ হয়। ৰাজস্থানে এটা সময়ত ৭.৫ অ'ভাৰত ৭১ ৰানতে ৫টা উইকেট হেৰুৱাইছিল।

সেই সময়ত ৰিয়ান বাহিনীক ৪৮টা বলত প্রয়োজন আছিল ১০৫ ৰানৰ। পিছে ৰিয়ানে ৪৫টা বলত নব্বৈ ঊর্ধ্বৰ বৰঙনিৰে দলৰ জয়ৰ আশা সজীৱ ৰাখে। কিন্তু কে কে আৰৰ অধিনায়ক আজিংক্য ৰাহানেই বলিং সালসলনিৰে খেলৰ দিশ সলনি কৰে। ৰিয়ানে ৯৫ ৰানত আউট হৈ আই পি এলত নিজৰ প্ৰথমটো শতকৰ পৰা বঞ্চিত হয়। তাৰ মাজতে ৰিয়ানে দুটা অ'ভাৰত ৬টা ছয় কোবায়। আনহাতে, অন্তিম অ'ভাৰত বলিং কৰিবলৈ অহা বৈভৱ আৰোৰাই চাপ একাষৰীয়া কৰি আৰ আৰক ৮ উইকেটত ২০৫ ৰানত সীমিত ৰাখে।

অধিনায়ক ৰিয়ানৰ উপৰি যশস্বী জয়ছোৱালে ৩৪, ছিমৰন হেটমেয়ৰে ২৯ আৰু শিভম ডুবেই অপৰাজিত ২৫ ৰানৰ অৱদান যোগায়। কে কে আৰৰ হৈ বৰুণ চক্ৰৱৰ্তী, মঈন আলী আৰু হৰ্ষিত ৰাণাই দুটাকৈ উইকেট দখল কৰে। ইয়াৰ আগেয়ে মাৰমুখী বেটাৰ আন্দ্ৰে ৰাছেলৰ ২৫টা বলত ৪টা চাৰি আৰু ছটা ছয় সম্বলিত অপৰাজিত ৫৭ ৰানেৰে কলকাতা নাইট ৰাইডাৰ্ছে ৪ উইকেটত ২০৬ ৰান কৰে। নিজৰ গুৰুত্বপূৰ্ণ খেলখনত কলকাতাৰ হৈ অংগকৃশ ৰঘুবংশী (৪৪), অ'পেনাৰ ৰহমনুল্লাহ গুৰবাজ (৩৫) আৰু অধিনায়ক আজিংক্য ৰাহানেই (৩০) উপযোগী বৰঙনি যোগায়। ৰাজস্থানৰ হৈ জুফ্ৰা আৰ্চৰ (১-৩০), যুদ্ধবীৰ সিং চৰক (১-২৬), মহীশ ঠিকছানা (১-৪১) আৰু অধিনায়ক ৰিয়ান পৰাগে (১-২১) এটাকৈ উইকেট দখল কৰে।

Share This