ৱাশ্বিংটনৰ স্থানত ৰিয়ান পৰাগ! ভাৰতীয় দলত সালসলনিৰ সম্ভাৱনা

dainik janambhumi January 28, 2026

ডিজিটেল ডেস্ক : ভাৰতৰ বিশ্ব কাপ দলৰ সদস্য ৱাশ্বিংটন সুন্দৰৰ আঘাত এতিয়াও ভাল হোৱা নাই। বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ সুস্থ হৈ উঠিবলৈ আৰু দুসপ্তাহ সময় লাগিব। টি-২০ বিশ্ব কাপৰ পূৰ্বে তেওঁ সম্পূর্ণৰূপে সুস্থ হৈ উঠিব নে নাই তাকে লৈ সন্দেহৰ সৃষ্টি হৈছে। ইয়াৰ ফলত প্রতিযোগিতাখনৰ পূৰ্বে ভাৰতে দল সলনি কৰিবলৈ বাধ্য হ'ব পাৰে। বি চি চি আইৰ এক সূত্রই জনোৱা মতে ব'ৰ্ডৰ চিকিৎসকৰ দলে ৱাশ্বিংটনক দুসপ্তাহৰ বাবে জিৰণি ল'বলৈ পৰামৰ্শ দিছে। ইয়াৰ পাছত ৱাশ্বিংটনৰ আঘাতৰ মূল্যায়ন কৰি দলত তেওঁ থাকিবনে অন্যথা বিকল্পৰ সন্ধান কৰিব সেই বিষয়ে সিদ্ধান্ত ল'ব নির্বাচকে। 

এই সংশয়ৰ কাৰণেই নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ৰবি বিষ্ণইক দলত লোৱা হয়। গুৱাহাটীত পোৱা সুযোগ তেওঁ কামত লগাই সকলোৰে দৃষ্টি কাঢ়ে। ৪ অ'ভাৰ বলিং কৰি ১৭ ৰান দি দুটা উইকেট দখল কৰে বিষ্ণয়ে। যদি শেষ পর্যন্ত ৱাশ্বিংটনক খেলাব পৰা নাযায় তেন্তে তেওঁৰ বিকল্প হিচাপে বিষ্ণইক বিশ্ব কাপৰ দলত অন্তৰ্ভূক্ত কৰা হ'ব পাৰে। সেই বাবেই বিষ্ণইক লৈ পৰীক্ষা-নিৰীক্ষা চলোৱা হৈছে। ইফালে ব'ৰ্ডৰ এক সূত্রই জনাইছে যে অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগকো সাজু হৈ থাকিবলৈ কোৱা হৈছে। ৰিয়ানে বেটিঙৰ লগতে বলিঙো কৰিব পাৰে। পিছে দীর্ঘ দিন ধৰি ভাৰতীয় দলৰ হৈ খেলা নাই ৰিয়ানে। ইয়াৰ ফলত ৰিয়ানৰ সলনি বিষ্ণইক দলত সোমোৱাৰ সম্ভাৱনা বেছি। 

আনহাতে, ভাৰতীয় ব'র্ডে জনাইছে যে নিউজিলেণ্ডৰ বিৰুদ্ধে অৱশিষ্ট ২খন টি-২০ মেচতো খেলিব নোৱাৰিব তিলক বার্মাই। তিলক বৰ্তমান বেংগালুৰুৰ চেণ্টাৰ অব্ এক্সেলেঞ্চত আছে। সম্প্রতি ক্রমশঃ সুস্থ হৈ উঠা তিলকে বিশ্ব কাপত খেলাক লৈ কোনো সমস্যা নাই বুলি জানিবলৈ দিছে বি চি চি আয়ে। ইতিমধ্যে অনুশীলন আৰম্ভ কৰিছে তিলকে। বিশ্ব কাপৰ আগেয়ে ৩ ফেব্ৰুৱাৰীত মুম্বাইত দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে এখন প্রস্তুতি মেচ খেলিব ভাৰতীয় দলে। সেই মেচখনৰ পূৰ্বে ভাৰতীয় দলত যোগ দিব তিলকে।

Share This