দেওধৰ ট্ৰফীত বিস্ফোৰক শতক ৰিয়ান পৰাগৰ

Ankita Sonowal July 28, 2023

ডিজিটেল ডেস্কঃ অসমবাসীৰ বাবে সুখবৰ৷ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰাজস্থান ৰয়েলছৰ হৈ খেলা সুযোগ্য অসমীয়া অল ৰাউণ্ডাৰ ৰিয়ান পৰাগে উন্নত প্ৰদৰ্শনৰ সৈতে সকলোৰে মাজত খলকনিৰ সৃষ্টি কৰিছে। ২০২৩ চনৰ দেওধৰ ট্ৰফীত ইষ্ট জ’নৰ হৈ খেলি থকা ৰিয়ান পৰাগে নৰ্থ জ’নৰ বলাৰসকলৰ মাজত চাপৰ সৃষ্টি কৰিছে৷ তদুপৰি আজি ৰিয়ান পৰাগে মাত্ৰ ১০২ বলত ১৩১ ৰানৰ বিধ্বংসী শতকীয় ইনিংছ খেলিছে। এই শতকত ৰিয়ানৰ ১১টা ছিক্সাৰ আৰু ৫টা ফ’ৰৰ অৰিহণা যোগাইছে৷

ছয় নম্বৰত বেটিং কৰিবলৈ অহা ৰিয়ান পৰাগে ৫০ অভাৰৰ এই মেচখনত মাত্ৰ ৮৪টা বলতে শতক অৰ্জন কৰে৷ ৰিয়ান পৰাগ যেতিয়া বেটিং কৰিবলৈ আহিছিল তেতিয়া তেওঁৰ দলৰ স্ক’ৰ আছিল ৫৭ ৰানৰ বিনিময়ত ৫টা উইকেট। পৰাগে ষষ্ঠ উইকেটৰ বাবে কুশাগ্ৰাৰ সৈতে ২৩৫ ৰানৰ অংশীদাৰীত্ব ভাগ কৰে। কুশাগ্ৰাই ৮৭ বলত ৯৮ ৰানৰ ইনিংছ প্ৰদৰ্শন কৰে৷


উল্লেখযোগ্য যে দেওধৰ ট্ৰফীৰ এটা ইনিংছত সৰ্বাধিক ছিক্সাৰ কোবোৱা বেটছমেন হিচাপে পৰিগণিত হয় ৰিয়ান পৰাগ। এই ক্ষেত্ৰত তেওঁ ইউছুফ পাঠানৰ পূৰ্বৰ অভিলেখ ভংগ কৰে। পাঠানে ২০১০ চনত ৱেষ্ট জ’নৰ হৈ খেলি থকাৰ সময়ত নৰ্থ জ’নৰ বিৰুদ্ধে ৯টা ছিক্সাৰ কোবাইছিল। একে সময়তে ২০১৮ চনত ইণ্ডিয়া চিৰ বিৰুদ্ধে ইণ্ডিয়া বিৰ হৈ শ্ৰেয়াছ আয়াৰে আঠটা ছিক্স কোবাইছিল।

Share This