ডিজিটেল ডেস্ক : ১৯সংখ্যক সংস্কৰণৰ আই পি এলৰ দ্বিতীয় কোৱালিফায়াৰত আজি মুখামুখি হ'ব ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটানছ। আজিৰ গুৰুত্বপূৰ্ণ খেলখনত জয়ৰ বাবে ৰিয়ান পৰাগৰ সমুখত বৃহৎ প্রত্যাহ্বানে অপেক্ষা কৰি আছে। গুজৰাটক হৰুৱাই ফাইনেলত প্ৰৱেশৰ বাবে অগ্নিপৰীক্ষাৰ সন্মুখীন হ'ব ৰিয়ানৰ ৰাজস্থানে। মেচ জয়ী প্ৰদৰ্শনৰ বাবে ৰাজস্থানে মূলতঃ বৈভৱ সূর্যবংশী আৰু জুফ্ৰা আৰ্চাৰৰ ওপৰতে নিৰ্ভৰ কৰিব।
ইফালে, ধাৰাবাহিকতাহীন গুজৰাটৰ বেটিং লাইন-আপৰ মূল চাবি-কাঠী হ'ল অ'পেনাৰ শুভমন গীল আৰু ছাই সুদৰ্শন। পেচাৰ কাগিছু ৰাবাডা আৰু মহম্মদ ছিৰাজে বৈভৱৰ বেটিং বিক্রম চম্ভালিবলৈ শ্বৰ্ট বলৰ কৌশল কামত লগাবলৈ চেষ্টা কৰিব। ইয়াৰ বিপৰীতে গুজৰাটৰ শক্তিশালী পেচ আক্রমণ ৰুধিবলৈ হ'লে বেটিং চাঞ্চল্য বৈভৱেই আগ-ভাগ লোৱাৰ প্ৰয়োজন আছে। অধিনায়ক ৰিয়ানেও আজিৰ খেলখনত দক্ষতাৰে দলক নেতৃত্ব দিব লাগিব। দুয়োটা দলৰ শেহতীয়া মুখামুখিত মহম্মদ ছিৰাজে শ্বৰ্ট বলৰ জৰিয়তে বৈভৱক ওভতাই পঠিয়াইছিল।
বৈভৱে হেলাৰঙে ছিৰাজৰ বলত ছয় কোবোৱাৰ পাছৰ বলটোত আউট হ'বলগীয়া হয়। ছিৰাজ আৰু ৰাবাডাই চলিত প্রতিযোগিতাখনত গুজৰাটৰ হৈ আগতীয়াকৈ উইকেট দখল কৰিবলৈ সক্ষম হৈ আহিছে। পিছে ১৫ বছৰীয়া বৈভবে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে বুধবাৰে এলিমিনেটৰৰ খেলখনত ২৯টা বলত অনবদ্য ৯৭ ৰানৰ ইনিংছ খেলি প্রতিপক্ষলৈ সতর্কবাণী প্ৰেৰণ কৰিছে।