ডিজিটেল ডেস্ক : সমাগত বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ বাবে বিৰোধী মহাগঠবন্ধনৰ প্ৰস্তুতি বর্তমানেও সম্পূর্ণ হোৱা নাই। বিৰোধীৰ মহাজোঁট মহাগঠবন্ধনৰ পৰা আসনৰ অংকত আউল লাগি এটা এটাকৈ দলে নিজাববীয়াকৈ অকলেই নির্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লৈছে। শুকুৰবাৰে ৰাষ্ট্ৰীয় লোক জনশক্তি পার্টিয়ে (আৰ এল জে পি) অকলেই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লৈছে। আনহাতে, শনিবাৰে জে এম এমে বিহাৰৰ ৬খন আসনত অকলেই প্রতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছে। ১৭অক্টোবৰত অন্ত পৰা প্ৰথম পৰ্যায়ৰ মনোনয়ন পর্বত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰি মহাগঠবন্ধনৰ দলবোৰে একেটা সমষ্টিতে নিজাববীয়াকৈ প্ৰাৰ্থীৰ মনোনয়ন দাখিল কৰে।
আসন বুজাবুজিক লৈ মহাগঠবন্ধনৰ দলবোৰৰ মাজত হোৱা অসন্তুষ্টিয়ে মিত্রজোঁট ত্যাগ কৰা পৰ্যন্ত পৰিৱেশৰ সৃষ্টি হৈছে। শনিবাৰৰ নিশালৈকে মহাগঠবন্ধনৰ দলবোৰৰ মাজত আসন বুজাবুজিক লৈ অৰিয়াঅৰি চলি আছে। ইপিনে, লালগঞ্জ, বৈশালী, ৰাজাপাকেৰ, ৰ'ছেৰা, বিহাৰশ্বৰীফ, বাছৱাৰা, তাৰাপুৰ, কাহালগাঁও আদি আসনৰ বাবে আৰ জে ডি আৰু কংগ্ৰেছৰ মাজত বিবাদ অব্যাহত আছে। জালেই আৰু কুটুম্ব আসনত আৰ জে ডি আৰু কংগ্ৰেছ উভয়ে প্রার্থিত্ব দিছে।
ইয়াৰ মাজতে আৰ জে ডিৰ নেতা মৃত্যুঞ্জয় তিৱাৰীয়ে দেওবাৰে কয় যে মহাগঠবন্ধনৰ অংশীদাৰ দলসমূহে বাস্তৱ পৰিস্থিতি উপলব্ধি কৰিব লাগে। লালু প্ৰসাদৰ নেতৃত্বাধীন আৰ জে ডিয়ে কেৱল বিহাৰতহে প্ৰতিদ্বন্দ্বিতা কৰিব। দলটোৱে কৰ্ণাটক, ৰাজস্থানত প্ৰতিদ্বন্দ্বিতা কব্বিলৈ নাযায় বুলি তেওঁ আক্ষেপ কৰে। মহাগঠবন্ধনৰ এই বিপর্যয় দেখি হতাশাভৰা মন্তব্য কৰি তিৱাৰীয়ে কয় যে মিত্ৰজোঁটৰ ৰাজনীতিত অসন্তুষ্ট হৈছে স্বাভাৱিক। মিত্ৰজোঁটৰ দলবোৰৰ শীর্ষ নেতাসকলে একেলগে বহি সিদ্ধান্ত ল'ব লাগে বুলি তেওঁ কয়।