দিল্লীত 'বডোফা উপেন্দ্র নাথ ব্রহ্ম মাৰ্গ' নামেৰে পথৰ নামকৰণ

dainik janambhumi April 27, 2025

ডিজিটেল ডেস্ক : বডোফা উপেন্দ্র নাথ ব্রহ্ম মার্গ নামেৰে দেশৰ ৰাজধানী নতুন দিল্লীত এটা পথ নামকৰণ কৰা হৈছে। শেহতীয়াকৈ দিল্লী পৌৰ নিগমে কৈলাস কলনিৰ এ ৫-এ ১৮ সংযোগী পথটোক বডোফা উপেন্দ্র নাথ ব্রহ্ম মাৰ্গ হিচাপে নামকৰণত যাৱতীয় অনুমোদন জনাইছে। 

উল্লেখযোগ্য যে কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ অসমলৈ অহাৰ সময়ত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নামত দিল্লীত এটা পথৰ নামকৰণৰ বাবে বি টি আৰ প্ৰশাসনৰ লগতে অসম চৰকাৰে অনুৰোধ জনাইছিল। এই অনুৰোধৰ পাছতেই কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে অচিৰেই দিল্লীত এটা পথ বডোফাৰ নামত উৎসৰ্গা কৰা হ'ব বুলি প্রতিশ্রুতি দিছিল। 

শনিবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই দিল্লীত পথ নামকৰণৰ এই কথা ৰাজহুৱা কৰি কয়, 'বডোফা উপেন্দ্র নাথ ব্রহ্ম বড়ো সমাজ তথা আমাৰ জাতীয় জীৱনৰ  বাবে এক অম্লান সত্তাৰ নাম। দিল্লীৰ মাজমজিয়াত থকা এটা পথক 'বডোফা উপেন্দ্র নাথ ব্রহ্ম মার্গ' নামেৰে নামকৰণৰ প্ৰস্তাৱ আগবঢ়োৱাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহলৈ অসমবাসীৰ হৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।'

Share This