ডিজিটেল ডেস্ক : স্বাস্থ্য খণ্ডত শেহতীয়াকৈ চীনে এক অভূতপূর্ব সফলতা অৰ্জন কৰিছে। শেহতীয়াকৈ চীনৰ চিকিৎসকসকলে ছেটেলাইট প্রযুক্তি ব্যৱহাৰ কৰি ৫০০০ কিল'মিটাৰ দূৰত্বৰ পৰা সম্পাদন কৰিব পৰা ৰ'বটিক ছাৰ্জাৰী সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হৈছে। এই অসাধাৰণ কাৰ্য সমাধান কৰি চীনা চিকিৎসকসকলে বিশ্বজনীনভাৱে স্বাস্থ্য যতন খণ্ডত এক বৈপ্লৱিক পৱির্তন আনিলে।
পি এল এ জেনেৰেল হস্পিটেলৰ চিকিৎসক প্ৰফেছৰ ৰং লিউৰ নেতৃত্বত এটা চিকিৎসকৰ দলে দূৰৱৰ্তী লুহাছৰ পৰা বেইজিঙত দুজন ৰোগীৰ যকৃতৰ দুটা জটিল অস্ত্রোপচাৰ সফলতাৰে সম্পন্ন কৰে। ছেটেলাইটৰ যোগাযোগৰ মাধ্যমেৰে দীৰ্ঘ দূৰত্বৰ পৰা প্ৰক্ৰিয়া চলাই প্ৰথমবাৰৰ বাবে চীনা চিকিৎসকে এই জটিল অস্ত্রোপচাৰ দুটা সম্পন্ন কৰে।
দূৰৱৰ্তী স্থানৰ পৰা এই নতুন ৰ'বটিক ছাৰ্জাৰী সফলতাৰে সম্পন্ন কৰি চীনে দুর্গম আৰু দুর্যোগ আক্রান্ত অঞ্চললৈ দূৰৱৰ্তী চিকিৎসা সেৱা প্ৰদান কৰাত থকা প্রত্যাহ্বান নোহোৱা কৰিলে। পৰম্পৰাগত ৫জি টেলিসংযোগৰ মাধ্যমেৰে চলোৱা এই ৰ'বটিক ছাৰ্জাৰীটো ৫০০০ কিল'মিটাৰ ব্যাসার্ধৰ দূৰত্বৰ পৰা সম্পাদন কৰিব পৰা যাব।