ডিজিটেল ডেস্ক : বাংলাদেশৰ তাৰেক ৰহমান নেতৃত্বাধীন বি এন পিৰ চৰকাৰৰ দিনত কম সময়ৰ ভিতৰতে দেশখনত অস্ত্র-শস্ত্রৰে শক্তিশালী হৈ উঠিছে ৰহিঙীয়া উগ্রপন্থী গোট। বাংলাদেশৰ ৰহিঙীয়া শৰণার্থী থকা এলেকাবোৰত আৰু চট্টগ্রাম পাহাৰীয়া অঞ্চলত ৰহিঙীয়া সশস্ত্র গোটবোৰক ঢাকাৰ নৱ নির্বাচিত চৰকাৰখনৰ পৃষ্ঠপোষকতাত ব্যাপক পৰিসৰত অত্যাধুনিক অস্ত্র-শস্ত্রৰ যোগান ধৰা হৈছে। ভাৰতীয় চোৰাংচোৱা সংস্থাই প্রকাশ কৰে যে ৰহিঙীয়া সশস্ত্র গোটক এইদৰে অস্ত্র-শস্ত্র যোগান ধৰাটোৱে ভাৰতৰ উত্তৰ-পূর্বাঞ্চলৰ নিৰাপত্তালৈ ভাবুকি কঢ়িয়াই আনিছে। এই ক্ষেত্রত বাংলাদেশ চৰকাৰৰ মন্ত্রী খলিলুৰ ৰহমানে বিশেষ ভূমিকা লৈছে।
উল্লেখযোগ্য যে ভাৰত বিৰোধী বুলি খ্যাত খলিলুৰ ৰহমান পূৰ্বৰ মহম্মদ ইনুছৰ অন্তৰ্ৱৰ্তী চৰকাৰত নিৰাপত্তা উপদেষ্টা আছিল। আনহাতে, প্রধানমন্ত্রী তাৰেক ৰহমানৰ মন্ত্রীসভাত খলিলুৰ ৰহমানে বিদেশ মন্ত্রীৰ দায়িত্ব লাভ কৰিছিল। এই খলিলুৰ ৰহমান পশ্চিমীয়া কূটনীতিৰ প্ৰণালীত, বিশেষকৈ আমেৰিকাৰ কূটনীতিৰ সৈতে একে পর্যায়ৰ বিদেশ নীতিত বিশ্বাসী বাজনীতিবিদ। ৰাজনৈতিক বিশ্লেষকৰ লগতে চোৰাংচোৱা সংস্থাবোৰে প্রকাশ কৰা মতে, আমেৰিকা আৰু তুৰস্কৰ দৰে দেশে বাংলাদেশত আধিপত্য বিস্তাৰৰ বাবে দেশখনৰ ৰহিঙীয়া সশস্ত্র গোটক অস্ত্র-শস্ত্র যোগান ধৰি আছে। ইয়াত মধ্যস্থতাকাৰীৰ ভূমিকা লৈছে দেশখনৰ বিদেশ মন্ত্রী খলিলুৰ ৰহমানে। প্রণিধানযোগ্য যে বাংলাদেশত হাছিনা চৰকাৰক ক্ষমতাচ্যুত কৰাৰ পৰা মহম্মদ ইউনুছৰ অন্তৰ্ৱৰ্তী চৰকাৰক পৃষ্ঠপোষকতা কৰালৈকে আমেৰিকাই গুৰুত্বপূর্ণ ভূমিকা লৈছিল বুলি ইতিমধ্যে চোৰাংচোৱা সংস্থাবোৰে প্রকাশ কৰিছে। আনহাতে, ৱাশ্বিংটনৰে ঘনিষ্ঠ সম্পর্ক থকা খলিলুৰ ৰহমানে নিজৰ ভাৰত-বিৰোধী স্থিতি অটুট ৰখাৰ বাবে আমেৰিকাৰ সহায়ত ৰহিঙীয়া উগ্রপন্থীক শক্তিশালী কৰিব খুজিছে। কূটনৈতিক প্রক্রিয়াৰ উপৰি চট্টগ্রাম অঞ্চলত ৰহিঙীয়া সশস্ত্র বাহিনীৰ ব্যাপক উত্থান হৈছে। চট্টগ্রাম পাহাৰীয়া অঞ্চলত প্রায়ে গোষ্ঠীগত উত্তেজনা, উগ্রবাদী কার্যকলাপ আৰু অস্ত্ৰৰ চোৰাং ব্যৱসায় হয়। কক্স বজাৰ-চট্টগ্রাম অঞ্চলটোত ৰহিঙীয়া সশস্ত্র বাহিনী এতিয়া সামৰিক দিশত অধিক শক্তিশালী হৈ উঠিছে। আমেৰিকাৰ লগতে তুৰস্কয়ো অঞ্চলটোত মুছলমান জনতাৰ মাজত নিজৰ প্রভাৱ বিস্তাৰৰ বাবে ৰহিঙীয়াক অস্ত্র যোগান ধৰাৰ তথ্য পোহৰলৈ আহিছ। ই
তিমধ্যে তুৰস্ক চৰকাৰৰ এটা প্রতিনিধি দলে কক্স বজাৰস্থিত ৰহিঙীয়া শৰণার্থী শিবিৰ ভ্ৰমণ কৰিছে আৰু তুৰস্কৰ এই পদক্ষেপক মুকলিভাৱে সমর্থন জনাইছিল আমেৰিকাই। বিশেষকৈ ম্যানমাৰৰ পৰা ভাৰতৰ উত্তৰ-পূর্বাঞ্চলক লক্ষ্য কৰি লোৱা পশ্চিমীয়া শক্তিটোৱে বর্তমান সময়ত ভাৰতীয় অঞ্চলটোক অস্থিৰ কৰাৰ বাবে ৰহিঙীয়া উগ্রপন্থীক আহিলা হিচাপে লৈছে। আমেৰিকাই এই অভিষ্ট সিদ্ধিৰ বাবে বাংলাদেশৰ মন্ত্রী খলিলুৰক মধ্যস্থতাকাৰী হিচাপে লৈছে। উল্লেখযোগ্য যে কেইদিনমান পূর্বে উত্তৰ-পূৰ্বাঞ্চলৰ মিজোৰামত ম্যানমাৰৰ পৰা অহা এজন মার্কিন সৈন্যসহ ছজন ইউক্রেইনৰ নাগৰিকক গ্রেপ্তাৰ কৰা হৈছিল। এই ধৃত মার্কিন সৈন্যজনে ভাৰত-বিৰোধী কার্যকলাপৰ বাবে ম্যানমাৰত বিদ্রোহীক প্রশিক্ষণ দিয়াৰ অভিযোগ উত্থাপন হৈছিল।