গুৱাহাটী প্ৰেছ ক্লাবত ৰোহিণী মেধিৰ একাদশ মৃত্যুবার্ষিকী পালন, দৈনিক জনমভূমিৰ সাংবাদিক ৰাতুল ৰাজবংশীক ৰোহিণী মেধি সোঁৱৰণী প্ৰেৰণা বঁটা প্রদান

dainik janambhumi June 07, 2026

ডিজিটেল ডেস্ক : অসমৰ আগশাৰীৰ সাহিত্য-সংস্কৃতিমূলক অনুষ্ঠান বাসনা সাহিত্য গোষ্ঠীৰ উদ্যোগত কালি গুৱাহাটী প্ৰেছ ক্লাবত সদৌ অসম সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাংবাদিক, সাহিত্যিক, সমাজকর্মী, সমাজ সংগঠক তথা গৰিবৰ বন্ধু ৰোহিণী মেধিৰ একাদশ মৃত্যু বার্ষিকী পালন কৰা হয়। 

প্রয়াত ৰোহিণী মেধিৰ সহধর্মিণী গিৰিজা মেধিয়ে প্রতিচ্ছবিত বন্তি প্রজ্বলন কৰাৰ পাছতে স্মৃতিচাৰণ সভা আৰু বঁটা প্রদান অনুষ্ঠান অনুষ্ঠিত হয়। অসম ৰাজ্যিক সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক নিপজ্যোতি মেধিয়ে আঁত ধৰা স্মৃতিচাৰণ সভাখনত বিশিষ্ট শিক্ষাবিদ ড° ধৰণীধৰ গোস্বামী উপস্থিত থাকি অসমৰ মফচলীয় সাংবাদিকসকলৰ ন্যায্যপ্ৰাপ্তিৰ কাৰণে ৰোহিণী মেধিয়ে সদায় মাত মাতিছিল বুলি ভাষণত উল্লেখ কৰাৰ লগতে ৰোহিণী মেধি এজন গুণী- জ্ঞানী ব্যক্তি আছিল। তেওঁ এনে এটি পৰিয়ালত জন্মগ্রহণ কৰিছিল, যিটো পৰিয়ালক সেই অঞ্চলৰ সকলোৱে সন্মান কৰিছিল বুলি কয়। ৰোহিণী মেধিক লগ পালেই সাহিত্য-সমাজৰ বিভিন্ন কথা আলোচনা হৈছিল বুলি গোস্বামীয়ে উল্লেখ কৰে। 

আন এগৰাকী বক্তা বিশিষ্ট সাহিত্যক মনীষা শর্মাই কয় যে প্রয়াত ৰোহিণী মেধিৰ একাদশ মৃত্যু তিথিত গভীৰ শ্ৰদ্ধাঞ্জলি এটি আদৰণীয় পদক্ষেপ। এখন সুস্থ-সবল সমাজ গঢ়িবলৈ হ'লে প্রতিজন ব্যক্তিৰে মন আৰু কৰ্ম সুস্থ হোৱাটো অপৰিহাৰ্য। সুস্থ মানসিকতা আৰু নিঃস্বার্থ কৰ্মৰাজিয়েই এখন সমাজক প্ৰগতিৰ দিশত আগুৱাই লৈ যায়। তেনে এক সুন্দৰ মন আৰু কৰ্মৰ এক উৎকৃষ্ট নিদর্শন আমাৰ সমাজ জীৱনত দাঙি ধৰি থৈ গৈছে নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাংবাদিক তথা আদর্শ সমাজকর্মী প্রয়াত ৰোহিণী মেধি ডাঙৰীয়াই। আন এগৰাকী বক্তা উপন্যাসিকা পূৰৱী বৰুৱাই প্ৰয়াত ৰোহিণী মেধিৰ সৈতে থকা বন্ধুত্বৰ কথা সোঁৱৰণ কৰে। বৰুৱাই কয়- ৰোহিণী মেধিয়ে কোনো কামতে অৱহেলা কৰা নাছিল। প্ৰতিটো কামতে তেওঁ আগৰণুৱা আছিল। গাঁৱে-ভূঞে, ৰ'দ-বৰষুণতো তেওঁ সংবাদ সংগ্ৰহ কৰিছিল। ইংৰাজীৰ এগৰাকী দক্ষ শিক্ষক হিচাপেও তেওঁৰ বেচ সুনাম আছিল। 

আন এগৰাকী বক্তা মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড° হৰমোহন কলিতাই কয় যে ৰোহিণী মেধি এগৰাকী সৎ সাংবাদিক আছিল- এই কথা সর্বজনবিদিত। অসমৰ সংবাদ মাধ্যম বহু ঘাত-প্রতিঘাতৰ অন্তত আজি যি স্থানত উপনীত হৈছে, এইক্ষেত্রত ৰোহিণী মেধিহঁতৰ দৰে মফচলীয় সাংবাদিকসকলৰ বহুতো ত্যাগ-শ্রম জড়িত হৈ আছে। নতুন প্ৰজন্মৰ সাংবাদিকসকলে এই কথাবোৰ অনুধাৱন কৰা উচিত বুলিও তেওঁ মন্তব্য কৰে। উক্ত অনুষ্ঠানতে বিশিষ্ট কবি-লেখিকা নিৰ্মলা শৰ্মাৰ 'আমেৰিকাৰ পৰা দক্ষিণ কোৰিয়ালৈ' নামৰ মৌলিক গ্ৰন্থখনৰ বাবে ৰোহিণী মেধি সোঁৱৰণী বঁটা-২০২৬, দীর্ঘদিন ধৰি সততা, নিষ্ঠা আৰু সাহসিকতাৰে সাংবাদিকতা কৰি অহাৰ বাবে দৈনিক জনমভূমি কাকতৰ উপ-সম্পাদক তথা বিশিষ্ট সাংবাদিক ৰাতুল ৰাজবংশীক ৰোহিণী মেধি সোঁৱৰণী প্ৰেৰণা বঁটা-২০২৬ প্রদান কৰা হয়। 

বাসনা সাহিত্য গোষ্ঠীৰ সভাপতি ড° দেৱী প্ৰসাদ অধিকাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত দৈনিক জনমভূমি কাকতৰ মুখ্য উপ-সম্পাদক দীপক চক্ৰৱৰ্তী, জাগীৰোড মহাবিদ্যালয়ৰ অধ্যাপিকা জুনু দেৱী পৌড়েল, বাসনা সাহিত্য গোষ্ঠীৰ উপ-সভানেত্ৰী ৰুণু দেৱী শৰ্মা, শেৱালি কলিতা, বিৰজা হাজৰিকা, গীতালী বিষয়া, কৰবী মেধি আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Share This