স্থান নিশ্চিত নহয় ৰোহিত-কোহলীৰ

dainik janambhumi May 22, 2026

ডিজিটেল ডেস্ক : আফগানিস্তানৰ বিৰুদ্ধে আসন্ন তিনিখনীয়া এদিনীয়া শৃংখলাৰ বাবে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাক জিৰণি নিদিয়াৰ সিদ্ধান্ত লয় নির্বাচক কমিটীয়ে। উভয়কে উক্ত শৃংখলাৰ বাবে দলভুক্ত কৰা হয়। দলীয় সংহতি বৃদ্ধি কৰা আৰু মেচ অনুশীলনক গুৰুত্ব দিয়াৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে বুলি জানিব পৰা গৈছে। সম্প্রতি ৰোহিত আৰু কোহলীয়ে মাথোঁ এদিনীয়া ক্রিকেটহে খেলে। 

সেয়ে মেচত ধাৰাবাহিকতা বজাই ৰখাটো জৰুৰী বুলি ধাৰণা কৰিছে নির্বাচকে। অহা জুনৰ প্রথম দুসপ্তাহত ভাৰত ভ্ৰমণলৈ আহিব আফগানিস্তান। ৬ জুনত নিউ চণ্ডীগড়ত আৰম্ভ হ'ব একমাত্র টেষ্টখন। ইয়াৰ পাছত ১৪-২০ জুনত ধৰমশালা, লক্ষ্ণৌ আৰু চেন্নাইত হ'ব ৩ মেচৰ এদিনীয়া শৃংখলা। নির্বাচকৰ মতে, পৰিৱৰ্তনৰ মাজেৰে পাৰ হৈ যোৱা ভাৰতীয় দলটোৰ যুৱ ক্রিকেটাৰসকলৰ সৈতে এক সহযোগিতা গঢ়ি তোলাৰ বাবে ৰোহিত আৰু কোহলীৰ বাবে এই শৃংখলাটো গুৰুত্বপূৰ্ণ। 

একে সময়তে তাৰকা বেটাৰ দুগৰাকীৰ ফিটনেছ আৰু প্ৰদৰ্শনৰ ওপৰতো দৃষ্টি থাকিব। বি চি চি আইৰ এক সূত্রই জনাইছে যে পৰৱৰ্তী এদিনীয়া বিশ্ব কাপলৈ বহু সময় বাকী থকাৰ বাবে দল নিৰ্বাচনৰ দুৱাৰ সকলোৰে বাবে খোলা থাকিব। কোনো ক্রিকেটাৰে দলত স্থায়ীভাৱে স্থান নিশ্চিত কৰিব পৰা নাই অথবা বাদ পৰা নাই। ভৱিষ্যতে নিৰ্বাচনৰ মূল মাপকাঠী হ'ব ফর্ম আৰু ফিটনেছ।

Share This