বিৰাট কোহলীৰ পিছতে ৰোহিত শৰ্মাই ৰচিলে ইতিহাস

dainik janambhumi May 02, 2025

ডিজিটেল ডেস্কঃ আই পি এল ২০২৫ৰ আন এখন গুৰুত্বপূৰ্ণ খেলত মুম্বাই ইণ্ডিয়ানছৰ দলে ঘৰুৱা ক্ষেত্ৰত ৰাজস্থান ৰয়েলছক ১০০ ৰানত পৰাস্ত কৰে। এই মেচখনত পুনৰবাৰ মুম্বাইৰ হৈ ইনিংছ মুকলি কৰি ৰোহিত শৰ্মাই এক উজ্জ্বল ইনিংছ খেলিলে। এই খেলখনত ৰোহিতে ৩৬টা বলত ৫৩ ৰান সংগ্ৰহ কৰে। যাৰ বাবে ৰোহিতে আই পি এলৰ ইতিহাসত এক বৃহৎ অভিলেখ ভংগ কৰিছে।

মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলি ৰোহিতে ৬ হাজাৰ ৰান সংগ্ৰহ কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হয়। মুম্বাইৰ হৈ ২৩১সংখ্যক ইনিংছ খেলি এই অভিলেখ গঢ়িবলৈ সক্ষম হয় ৰোহিত শৰ্মাই। মুম্বাইৰ হৈ তেওঁৰ কেইবাটাও অভিলেখ আছে, য’ত আছে সৰ্বাধিক ছয় কৰা আৰু সৰ্বাধিক ‘প্লেয়াৰ অৱ দ্য মেচ’ বঁটা লাভ কৰা। ইয়াৰ উপৰি তেওঁ নিজৰ অধিনায়কত্বত দলটোৰ হৈ ৫টা আই পি এল খিতাপ দখল কৰিছে। লীগৰ ইতিহাসত এটা দলৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেনৰ তালিকাত এতিয়া যোগদান কৰিছে ৰোহিত শৰ্মাই। এই তালিকাত তেওঁ বিৰাট কোহলীৰ দৰে কিংবদন্তি খেলুৱৈৰ সৈতে নিজৰ নাম পঞ্জীয়ন কৰিছে। সুৰেশ ৰাইনা আৰু এম এছ ধোনিৰ দৰে কিংবদন্তিকো এৰি থৈ গৈছে।


মুম্বাইৰ হৈ শীৰ্ষ ৰান সংগ্ৰহকাৰী :

ৰোহিত শৰ্মাঃ ২৩১খন মেচ, ৬,০২৪ ৰান
কিৰন পোলাৰ্ড : ২১১ মেচ, ৩,৯১৫ ৰান
সূৰ্যকুমাৰ যাদৱঃ ১০১ মেচ, ৩,৩৭৭ ৰান

আই পি এলৰ এটা দলৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেন:

বিৰাট কোহলীঃ ৮,৪৪৭ ৰান (ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু)
ৰোহিত শৰ্মাঃ ৬,০২৪ ৰান (মুম্বাই ইণ্ডিয়ানছ)
সুৰেশ ৰাইনাঃ ৫,৫২৯ ৰান (চেন্নাই ছুপাৰ কিংছ)
এম এছ ধোনি : ৫,২৬৯ ৰান (চেন্নাই ছুপাৰ কিংছ)

মেচখনৰ কথা ক’বলৈ গ’লে মুম্বাইয়ে আৰ আৰক ২১৮ ৰানৰ লক্ষ্য দিছিল। ৰোহিত শৰ্মা আৰু ৰিয়ান ৰিকেল্টনে ৩৮ বলত ৬১ ৰান সংগ্ৰহ কৰি প্ৰথম উইকেটৰ বাবে ১১৬ ৰান সংগ্ৰহ কৰে। ১৩ অ'ভাৰৰ চতুৰ্থ বলত আউট হৈছিল ৰোহিত শৰ্মা। তেওঁ ৩৬টা বলত ৫৩ ৰান সংগ্ৰহ কৰে, য’ত ৯টা চাৰিটাও আছিল। সূৰ্যকুমাৰ যাদৱ আৰু হাৰ্দিক পাণ্ডিয়াইও উজ্জ্বল বেটিং কৰে। দুয়োজনে ২৩টা বলত ৪৮-৪৮ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। ইয়াৰ উত্তৰত ৰাজস্থান মাত্ৰ ১১৭ ৰানত অল আউট হয়।

Share This